গোলাঘাট,15 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাচতেই প্ৰতিবাদৰ জুয়ে দহিছে সমগ্ৰ নুমলীগড় ৷ মঙলবাৰে NRL ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ৷ NRLৰ মুখ্য দ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানৰে কপাই তোলে শোধনাগাৰৰ চৌহদ ৷ প্ৰতিবাদকৰাৰী হুংকাৰ শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কৰণৰ ব্যৱস্থা বন্ধ নকৰিলে আগন্তুক দিনবোৰত ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব ৷
ইফালে, ভুৱা প্ৰমাণপত্ৰৰে NRLত কৰ্মৰত বিভিন্ন কৰ্মচাৰীক নিলম্বনৰ দাবী জনাই সংগঠনটোৱে ৷