ETV Bharat / state

নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ বিৰুদ্ধে প্ৰতিবাদৰ জুই গোলাঘাটত - BPCL

পুনৰ প্ৰতিবাদত কঁপিছে নুমলীগড় ৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন ৷ অব্যাহত আছে ব্যাপক প্ৰতিবাদ ৷

নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ বিৰুদ্ধে প্ৰতিবাদৰ জুই গোলাঘাটত
author img

By

Published : Oct 21, 2019, 5:48 PM IST

গোলাঘাট,21 অক্টোবৰ: নুমলীগড়ত অব্যাহত আছে প্ৰতিবাদৰ জুই। সোমবাৰেও প্ৰতিবাদত কঁপিল নুমলীগড় চহৰ । বি.পি.চি.এল (BPCL) বিক্ৰী কৰাৰ ঘোষণাৰ পাছতেই প্ৰতিবাদৰ জুই জ্বলিছে নুমলীগড়ত। কেন্দ্ৰীয় কেবিনেটে লোৱা বি.পি. চি.এল (BPCL) বিক্ৰীৰ হঠকাৰী সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন। চৰকাৰ বিৰোধী শ্লোগানৰে কঁপাই তোলে নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ। কেন্দ্ৰীয় কেবিনেটে বি.পি. চি.এলৰ (BPCL) প্ৰায় 62 শতাংশ অংশীদাৰীত্ব বিক্ৰীৰ ঘোষণাৰ পাছতেই এতিয়া প্ৰতিবাদত নামিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন । নুমলীগড়ৰ শোধনাগাৰৰ মুখ্য দ্বাৰত নুমলীগড় শোধনাগাৰ ঠিকাদাৰ সন্থা আৰু উপ ঠিকাদাৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ব্যক্তিগতকৰণ বিৰুদ্ধে প্ৰতিবাদ কমিউনিষ্ট দলৰ

আনহাতে এন আৰ এলৰ ৰাজহুৱা মৰ্যদা অখুন্ন ৰখা আৰু মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা কমিউনিষ্ট দলেও ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট জিলাৰ কমিউনিষ্ট দল সমূহে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান, নৰেন্দ্ৰ মোডী গ’ বেক,মুখ্যমন্ত্ৰীৰ লাজ নাই,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ। অতি শীঘ্ৰে যদি চৰকাৰে দাবী মানি নলয় তেনেহ’লে ভৱিষ্যতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

উল্লেখ্য যে,ঐতিহাসিক অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হৈছিল নুমলীগড় তেল শোধনাগাৰ ৷ BPCLক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তই নুমলীগড় শোধনাগাৰৰ ৰাজহুৱা অংশীদাৰিত্বৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকিৰ ৷ কিয়নো যদিহে BPCL বিক্ৰী হয় তেতিয়া হ'লে NRLত থকা 62 শতাংশ অংশীদাৰিত্বও ব্যক্তিগত খণ্ডৰ হাতলৈ যাব ৷ 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা শোধনাগাৰটোৰ 62 শতাংশ অংশীদাৰিত্ব আছে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্যন লিমিটেড চমুকৈ BPCLৰ হাতত ৷ যাৰ বাবে বিগত দিনবোৰত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ NRLৰ সন্মুখত তুমূল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে ৷

Intro:Body:এন আৰ এল ৰাজহুৱা মৰ্য্যদা অখুন্ন ৰখা আৰু মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা কমিউনিষ্ট দল সমূহে গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দালালি নৰেন্দ্ৰ মোদী গ বেক,মুখ্য মন্ত্ৰী লাজ নাই,বি জে পি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ। অতি শীঘ্ৰে যদি চৰকাৰে দাবী মানি নলয় তেনেহলে ভবিষ্যতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৱে।Conclusion:Byte 1: নেতা, কমিউনিষ্ট পাৰ্টি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.