ETV Bharat / state

নুমলীগড় শোধনাগাৰক লৈ আমছুৰ প্ৰতিবাদ - protest against government on nrl privatization issue in assam

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদত উত্তাল গোলাঘাট জিলা ৷ নুমলীগড় শোধনাগাৰক বিক্ৰী কৰিবলৈ ওলোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে আমছু ৷

নুমলীগড় তৈল শোধনাগাৰ
author img

By

Published : Oct 19, 2019, 5:50 PM IST

গোলাঘাট,19 অক্টোবৰঃ ঐতিহাসিক অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হৈছিল নুমলীগড় তেল শোধনাগাৰ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে BPCLক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ পিচতে অস্তিত্ব সংকটত পৰিছে শোধনাগাৰটোৰ ৷ BPCL 62 শতাংশ অংশীদাৰিত্ব থকা প্ৰতিষ্ঠানটোৰ ভৱিষ্যতক লৈ বিগত দিনসমূহত গোলাঘাট জিলাত সাব্যস্ত হৈছে তুমূল প্ৰতিবাদ ৷

NRLক লৈ প্ৰতিবাদত উত্তাল গোলাঘাট

লগতে পঢ়কঃ নুমলীগড় তেল শোধনাগাৰ চৌহদত অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ

BPCLক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তই নুমলীগড় শোধনাগাৰৰ ৰাজহুৱা অংশীদাৰিত্বৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকিৰ ৷ কিয়নো যদিহে BPCL বিক্ৰী হয় তেতিয়াহ'লে NRLত থকা 62 শতাংশ অংশীদাৰিত্বও যাব ব্যক্তিগত খণ্ডৰ হাতলৈ ৷ এনে অৱস্থাত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ লগতে তাত কৰ্মৰত বহুসংখ্যক ব্যক্তিৰ ভৱিষ্যতক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ প্ৰতিবাদৰ জুই নুমলীগড় শোধনাগাৰত

ইতিমধ্যে বিগত দিনবোৰত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ NRLৰ সন্মুখত তুমূল প্ৰতিবাদ সাব্যস্ত হৈছে ৷ শোধনাগাৰ চৌহদত ৰিফাইনেৰী টেংকাৰ সন্থাৰ প্ৰতিবাদ,নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF),অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,বীৰ লাচিত সেনাকে ধৰি বহুকেইটা সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ পিচতেই বিগত 14 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়কঃ নুমলীগড় NRLৰ মুখ্যদ্বাৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

উল্লেখ্য যে,ঐতিহাসিক অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হোৱা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অন্যতম হৈছে নুমলীগড় শোধনাগাৰ ৷ 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা শোধনাগাৰটোৰ 62 শতাংশ অংশীদাৰিত্ব আছে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্যন লিমিটেড চমুকৈ BPCLৰ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ বহুসংখ্যক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বাবে লোৱা সিদ্ধান্তত অন্তৰ্ভুক্ত হৈ আছে BPCL প্ৰতিষ্ঠানটো ৷

লগতে পঢ়কঃ জাগি উঠিছে বীৰ লাচিত সেনাঃ তেজ দিব,নিদিয়ে তেল

যদিহে BPCLক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয় তেতিয়াহ'লে NRLৰ 62 শতাংশ অংশীদাৰিত্বও যাব ব্যক্তিগত খণ্ডৰ হাতলৈ ৷ এনে অৱস্থাত অসমৰ খিলঞ্জীয়া লোক তথা ঐতিহাসিক অসম চুক্তিৰ অৱমাননাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে শোধনাগাৰটোৰ সন্মুখত বিগত দিনবোৰ ধাৰাবাহিকভাৱে সাব্যস্ত হৈ আছে প্ৰতিবাদ ৷

লগতে পঢ়কঃ NRLৰ ভৱিষ্যৎ সম্পৰ্কে কেন্দ্ৰলৈ পত্ৰ সোণোৱালৰ

শনিবাৰেও কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা সংখ্যালঘু ছাত্ৰ সন্থাই ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত শীঘ্ৰেই বাতিলৰ দাবীৰে সংগঠনটোৱে পালন কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ নুমলীগড় শোধনাগাৰক কোনো কাৰণতে ব্যক্তিগতকৰণ অথবা বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ৷

Intro:Body:নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদ। গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত গোলাঘাট জিলা সংখ্যালঘূ ছাত্র সন্থাৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ। নুমলীগড় শোধনাগাৰক কোনো কাৰণতে ব্যক্তিগতকৰণ বা বিক্ৰী কৰিবলৈ দিয়া নহব বুলি সকিয়নী।Conclusion:Byte 1: নেতা, আমছু।
Byte 2: নেতা, আমছু।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.