ETV Bharat / state

জিলা উপায়ুক্তৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

author img

By

Published : Apr 7, 2021, 2:28 PM IST

জিলা উপায়ুক্তৰ নিৰ্দেশত প্ৰশাসনে চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ দুটা কাৰ্যালয় উচ্ছেদ কৰাৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ গোলাঘাট চহৰখন ৷ সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় সাধনী ভৱন আৰু গোলাঘাট জিলা মটৰ শ্ৰমিক ইউনিয়নৰ মুখ্য কাৰ্যালয় সতীৰ্থ ভৱন উচ্ছেদৰ বিৰুদ্ধে ৰ’দালী পইণ্টৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত সংগঠন দুটাৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

জিলা উপায়ুক্তৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ
জিলা উপায়ুক্তৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

গোলাঘাট, 7 এপ্ৰিল : মঙলবাৰে গোলাঘাটত জিলা উপায়ুক্তৰ নিৰ্দেশত প্ৰশাসনে চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ দুটা কাৰ্যালয় উচ্ছেদ কৰাৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ চহৰখন ৷ সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় সাধনী ভৱন আৰু গোলাঘাট জিলা মটৰ শ্ৰমিক ইউনিয়নৰ মুখ্য কাৰ্যালয় সতীৰ্থ ভৱন উচ্ছেদৰ বিৰুদ্ধে ৰদালী পইণ্টৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত সংগঠন দুটাৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীক তীব্ৰ ভাষাৰে সমালোচনা কৰে সংগঠনৰ কৰ্মী সকলে ৷

সংগঠন দুটাই অতি শীঘ্ৰে উচ্ছেদ কৰা ভূমিত জিলা প্ৰশাসনক পুনৰ কাৰ্যালয় স্থাপনৰ নিৰ্দেশ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা সহস্ৰাধিক ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে সমগ্ৰ গোলাঘাট জিলা অচল কৰি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷

জিলা উপায়ুক্ত গৰাকীয়ে কমিচনৰ আশাত আনৰ কথা মতে কাম কৰাৰ লগতে একাংশ দালালৰ কথাত উঠা বহা কৰাৰ অভিযোগ উত্থাপন কৰি বিভাষ চন্দ্ৰ মোদী গ'বেক, গোলাঘাটত কমিচন ৰাজ বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: বিটিচিত হাগ্ৰামাই এজনো বিধায়কক জয়ী কৰাব নোৱাৰে : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.