ETV Bharat / state

কেব বিৰোধী জুইত জ্বলিছে ৰাজ্যঃগোলাঘাট,ডিব্ৰুগড়ত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Dec 9, 2019, 3:48 PM IST

কেবৰ বিৰোধিতা জনাই গোলাঘাটত চুতীয়া ছাত্র সন্থাই আহ্বান জনাইছে বাৰ ঘণ্টীয়া অসম বন্ধ,একাংশ বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে,বন্ধৰ সময়ছোৱাত দুস্কৃতিকাৰীয়ে এখন ট্ৰাকৰ আইনা ভাঙি চূৰমাৰ কৰে,তদুপৰি লাচিত সেনা,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটছাৰ সদস্যসকলে শাঁওতলী হাবিছোৱাত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে,বন্ধৰ সময়ত ডিব্ৰুগড়ৰ ৰাজপথ কঁপোৱা দেখা যায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ৷

বন্ধৰ সময়ছোৱাত ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়
কেব বিৰোধী জুইত জ্বলিছে ৰাজ্যঃগোলাঘাট,ডিব্ৰুগড়ত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নিউজ ডেস্ক,9 ডিচেম্বৰঃ সোমবাৰে কেবৰ বিৰোধিতা জনাই গোলাঘাটত চুতীয়া ছাত্র সন্থাই আহ্বান জনাইছে বাৰ ঘণ্টীয়া অসম বন্ধ । ইপিনে চহৰখনৰ কলেজ তিনিআলি,মিছনপট্টি,চৰকাৰী বেজবৰুৱা হাইস্কুলৰ সন্মুখত পুৱা একাংশ বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত বন্ধৰ সময়ছোৱাত দুস্কৃতিকাৰীয়ে এখন ট্ৰাকৰ আইনা ভাঙি চূৰমাৰ কৰে। সমান্তৰালকৈ ধোদৰ আলিতো টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই চাৰিআলি,হাবিছোৱা ধোদৰ আলি আদিত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি লাচিত সেনা,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটছাৰ সদস্যসকলে শাঁওতলী হাবিছোৱাত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিব্ৰুগড়ঃ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ডিব্ৰুগড়তো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ চুতীয়া ছাত্ৰ সন্থাকে ধৰি তিনি সংগঠনে ডিব্ৰুগড়ত কেবৰ বিৰুদ্ধে আহ্বান কৰা বন্ধত স্তব্ধ হোৱা দেখা যায় মুখ্যমন্ত্ৰীৰ গৃহ জিলাখন। ইপিনে বন্ধৰ সময়ত ডিব্ৰুগড়ৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। চহৰখনৰ চাউলখোৱাত একাংশ সমৰ্থকৰ সৈতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি অখিলে বিজেপি,আৰ এছ এছ মুৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বন্ধৰ সময়ছোৱাত পুৱা 5 বজাৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। তদুপৰি আৰক্ষী,প্ৰতিবাদকাৰী আৰু গাড়ীচালকৰ মাজতো এই সময়ছোৱাত সৃষ্টি হয় সংঘাতৰ ৷ ৰাজ্যজুৰি প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো বিধেয়কখনৰ বিৰুদ্ধে ঠায়ে ঠায়ে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমমবাৰে আহ্বান কৰা এই বন্ধৰ ফলত স্তব্ধ হয় স্বাভাৱিক জীৱন যাত্ৰা ৷ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান,চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো বন্ধৰ প্ৰভাৱ পৰা দেখা যায়। কেব বিৰোধী বন্ধৰ ফলত নিমাওমাও হৈ পৰে চহৰৰ ব্যস্ত অঞ্চলসমূহ ।

ডিব্ৰুগড়ত ৰাজপথ কঁপোৱা দেখা যায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক

নগাঁও, ৰহাঃ ইপিনে কেবৰ বিৰুদ্ধে ওলায় অহা দেখা যায় ৰহা মীন মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলক ৷ কেবৰ বিৰোধিতাৰে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰে কলেজ চৌহদ । ‘বাংলাদেশী গ’বেক,নৰেন্দ্ৰ মোডী গ’বেক,সৰ্বানন্দ সোণোৱাল গ’বেক,কেব আমি নামানো’ আদি শ্লোগানেৰে দলটোৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী । লগতে কলেজ চৌহদৰ পৰা এক সমদলো বাহিৰ কৰে দলটোৱে।

কেবৰ বিৰুদ্ধে ওলায় অহা দেখা যায় ৰহা মীন মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলক

শিৱসাগৰঃ ৰাজ্যজুৰি আহ্বান কৰা বন্ধৰ সমৰ্থনত আমগুৰিৰ জাঁজীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাৰ লগতে একাংশ বন্ধৰ সমৰ্থক। বন্ধৰ সমৰ্থকসকলে ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত বন্ধৰ সময়ছোৱাত আমগুৰিৰ ৩৭ নং ঘাইপথ,৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ধোদৰ আলিত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। উল্লেখযোগ্য যে,হালোৱাটিঙৰ ৬১নং ৰাষ্ট্ৰীয় ঘাইপথতো আটাছু,আহোম জাতীয় গণমঞ্চ,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমগুৰিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

আমগুৰিত প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাৰ

নগাঁওঃ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে নগাঁৱতো কেবৰ বিৰুদ্ধে ওলাই আহে জ্যেষ্ঠ নাগৰিক ঐক্য মঞ্চৰ সদস্যসকল ৷ নগাওঁ মহাবিদ্যালয় চাৰিআলিৰ মতিৰাম বৰাৰ প্ৰতিমূৰ্তিৰ সমীপত দলটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে উক্ত দলটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰই গণতন্ত্ৰক হত্যা কৰা বুলি মন্তব্য আগবঢ়ায় জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই। তদুপৰি বৰুৱাই 9 ডিচেম্বৰৰ দিনটো ক'লা দিন হিচাপে আখ্যা দিয়ে ৷ অগপত থাকিয়েই বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি কয় অগপ নেতাগৰাকীয়ে ৷ তদুপৰি এই প্ৰতিবাদত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় জানাই ৷ এই বিধেয়কখনে অসমৰ ভাষা,সংস্কৃতি ধ্বংস কৰিব বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে। চৰকাৰে বলপূৰ্বক বিধেয়কখন জাপি দিব বিচাৰিলেও অসমবাসীয়ে কোনো কাৰণতে ইয়াক মানি নলয় বুলি জানাই স্পষ্ট কৰি দিয়ে। উক্ত প্ৰতিবাদত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খৰ্গেশ্বৰ ভূঁঞাকে ধৰি বহু কেইজন শিক্ষাবিদে অংশগ্ৰহণ কৰে ৷

নগাঁৱতো কেবৰ বিৰুদ্ধে ওলাই আহে জ্যেষ্ঠ নাগৰিক ঐক্যমঞ্চৰ সদস্যসকল

লগতে চাওকঃজাতি ৰক্ষাৰ স্বাৰ্থত তীব্ৰতৰ হৈ উঠিছে কেব বিৰোধী আন্দোলন

Intro:আজি সংসদত উত্থাপন হব কেব। এই কেবৰ বিৰুদ্ধে আজি চুতীয়া ছাত্র সন্থাই আহবান জনাইছে বাৰ ঘণ্টীয়া অসম বন্ধ। বন্ধ সমৰ্থকে গোলাঘাট নগৰৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ। পুৱাৰে পৰা এদল বন্ধ সমৰ্থকে গোলাঘাট নগৰৰ, কলেজ তিনি আলি, মিছনপট্টি, চৰকাৰী বেজবৰুৱা হাইস্কুলৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ছোৱাত কোনো দুস্কৃতিকাৰীয়ে এখন ট্ৰাকৰ আইনাও ভাঙি লণ্ড ভণ্ড কৰে।
Byte 1: প্ৰতিবাদ কাৰী।
Byte 2: প্ৰতিবাদ কাৰী।Body:ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধোদৰ আলিটো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। খুমটাই সমষ্টিৰ খুমটাই চাৰি আলি, হাবিছোৱা ধোদৰ আলিত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। শাঁওতলী হাবিছোৱাতো প্ৰতিবাদ সাব্যস্ত কৰে লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটছাই।
Byte 1: প্ৰতিবাদ কাৰী।Conclusion:গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.