সৰুপথাৰ,29 মে’: সৰুপথাৰৰ হিন্দু জাগৰণ মঞ্চৰ প্ৰখণ্ড সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় পিপিই কীট প্ৰদান কাৰ্যসূচী ৷ শুকুৰবাৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত ক'ভিড ৰোগী চিকিৎসাধীন হৈ থকা চিকিৎসালয়ত পিপিই কীট প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ৷ সংগঠনটোৰ হৈ এটা দলে ধনশিৰি মহকুমাৰ সৰুপথাৰ, নাওজান, উৰিয়ামঘাটত অৱস্থিত ক’ভিড চিকিৎসালয়ত পিপিই কীট বিতৰণ কৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে হিন্দু জাগৰণ মঞ্চৰ জিলা সমিতিৰ সভাপতি অচ্যুত কুমাৰ নাথ, জিলা সম্পাদক লক্ষ্যজিত গগৈ, সৰুপথাৰ প্ৰখণ্ড সমিতিৰ সভাপতি চন্দ্ৰ লহকৰ, সম্পাদক অমৃত গগৈ আদি ৷
সংগঠনটোৱে মহকুমাটোৰ তিনিখন ক’ভিড চিকিৎসালয়ত প্ৰায় শতাধিক পিপিই কীট বিতৰণ কৰে ৷ সংগঠনটোৰ এনে কাৰ্যৰ প্ৰশংসা কৰে স্থানীয় লোকে ৷
লগতে চাওকঃ স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা