ETV Bharat / state

60 হাজাৰ লোকৰ বিপৰীতে এজন চিকিৎসক - আয়ুৰ্বেদিক বিভাগৰ চিকিৎসক

পূৰ্বতে চিকিৎসালয়খনত দুজন চিকিৎসক আছিল যদিও কিছুদিনৰ পূৰ্বে স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসকজনৰ বদলি কৰে ৷  যাৰ ফলত মাত্ৰ এজন আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ চিকিৎসালয়খনত আছে মাত্ৰ দুগৰাকী নাৰ্ছ ৷ চিকিৎসালয়খনত নাই কোনো চতৰ্থ বৰ্গৰ কৰ্মচাৰী ৷

60 হাজাৰ ৰাইজৰ আশাৰ থল এজন আয়ুৰ্বেদিক চিকিৎসক
author img

By

Published : Jul 10, 2019, 4:25 PM IST

গোলাঘাট, 10 জুলাইঃ যিসময়ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে গোলাঘাট জিলাত 60 হাজাৰ ৰাইজৰ একমাত্ৰ সম্বল হৈ পৰিছে এজন আয়ুৰ্বেদিক চিকিৎসক ৷ গোলাঘাটৰ বৰপথাৰ অঞ্চলৰ মাজমজিয়াত অৱস্থিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনেই অঞ্চলটোৰ ৬০ হেজাৰ লোকৰ আশা-ভৰসাৰ থল ৷ চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে দৈনিক আগমন ঘটে দুইৰ পৰা তিনি শতাধিক ৰোগীৰ ৷ কিন্তু চিকিৎসকৰ অভাৱত বহু ৰোগী বিনা চিকিৎসাৰে চিকিৎসালয়ৰ পৰা ঘূৰি যাবলগীয়া হয় ঘৰলৈ ৷

60 হাজাৰ ৰাইজৰ আশাৰ থল এজন আয়ুৰ্বেদিক চিকিৎসক

পূৰ্বতে চিকিৎসালয়খনত দুজন চিকিৎসক আছিল যদিও কিছুদিনৰ পূৰ্বে স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসকজনৰ বদলি কৰে ৷ যাৰ ফলত মাত্ৰ এজন আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ চিকিৎসালয়খনত আছে মাত্ৰ দুগৰাকী নাৰ্ছ ৷ চিকিৎসালয়খনত নাই কোনো চতৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ ইপিনে আন্তঃগাঁথনিৰ অভাৱৰ বাবেও ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷

Intro:এফালে জাপানীজ এনকেফেলাইটিছ ৰোগে ৰাজ্যত ধাৰণ কৰিছে মাৰাত্মক ৰূপ আনপিনে চিকিৎসকৰ অভাৱত অচলাৱস্থাৰ সৃষ্টি হৈছে বহু গ্ৰাম্যাঞ্চল তথা পিচপৰা অঞ্চলৰ চিকিৎসালয় তথা স্বাস্হ্য কেন্দ্ৰত ৷ তেনে এখন চিকিৎসালয় হ'ল বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় ৷ বৰপথাৰ নগৰৰ মাজমজিয়াত অৱস্হিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনেই হ'ল অঞ্চলটোৰ প্ৰায় ৬০ হেজাৰ জনসাধাৰণৰ স্বাস্হ্য সেৱাৰ ক্ষেত্ৰত অাশা ভৰষাৰ একমাত্ৰ স্হল ৷ কিন্তু চিকিৎসালয় খনত বৰ্তমান স্হায়ীভাৱে আছে মাত্ৰ এজন আয়ুৰ্বেদিক চিকিৎসকহে ৷ চিকিৎসালয়খনলৈ চিকিৎসাৰবাবে দৈনিক আগমন ঘটে দুইৰ পৰা তিনি শতাধিক ৰোগী ৷ কিন্তু চিকিৎসকৰ অভাৱত বহু ৰোগী বিনা চিকিৎসাৰে চিকিৎসালয়ৰ পৰা ঘূৰি যাৱলগীয়া হয় ঘৰলৈ ৷ Body:পূৰ্ৱতে চিকিৎসালয়খনত দুজন চিকিৎসক আছিল যদিও কিছুদিনৰ পূৰ্ৱে চিকিৎসালয়খনৰ মুৰব্বী চিকিৎসক জনক স্বাস্হ্যবিভাগে বদলি কৰিলে আন এখন চিকিৎসালয়লৈ ৷ ফলত বৰ্তমান ডা: হিৰণ শৰ্মা নামৰ আয়ুৰ্বেদীক চিকিৎসক জনেই হৈ পৰিল চিকিৎসালয়খনৰ একমাত্ৰ চিকিৎসক ৷ ইপিনে চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমানৰ ANM, GNM নাৰ্চ ৷ মাত্ৰ দুগৰাকী নাৰ্চে সমগ্ৰ চিকিৎসালয়খনত ২৪ ঘন্টা পৰ্যন্ত সেৱা আগবঢ়াব লাগে ৷ কিন্তু এই দুগৰাকী নাৰ্চৰ বাবেও নাই চিকিৎসালয়খনত চৰকাৰী আৱাসগৃহৰ ব্যৱস্হা ৷ নাই চকিদাৰ তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ চিকিৎসালয়খনত ৰোগী ৰাখিবৰ বাবে ১০খন বিচনা প্ৰদান কৰি স্বাস্হ্য বিভাগে চিকিৎসালয়খন ২৪ ঘন্টাই সেৱা উপলব্ধ চিকিৎসালয় ৰূপে ঘোষনা কৰিছে যদিও নিশাৰ ভাগত কোনো চিকিৎসক নাথাকে চিকিৎসালয়খনত ৷ ইপিনে নিশাৰ ভাগত প্ৰসূতীকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱাৰ ৰোগী চিকিৎসালয়লৈ আহিলে সন্মূখীন হয় মহা সমস্যাৰ ৷ নিশা নাৰ্চ দুগৰাকীযে প্ৰাথমিক সেৱা আগবঢ়াই যদিও তেওঁলোকেও অনুভৱ কৰে চুড়ান্ত অসুৰক্ষিত ৷ কাৰণ বিভিন্ন সময়ত ৰোগীৰ অভিভাৱকে চিকিৎসালয়ত চিকিৎসক নাপাই সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্হিতিৰ ৷ ইপিনে চিকিৎসালয়খনত আন্ত:গাঠনিৰ চুড়ান্ত অভাৱ ৷ এজাক বৰষুন দিলেই চিকিৱসালয়ৰ চৌহদ হৈপৰে বোকা পানীৰে কদৰ্য্যময় ৷ চৌহদৰ পকীবেৰা তথা চিকিৎসালয়ৰ চৌহদত লাইটৰো কোনো ব্যৱস্হা নই ৷ নাই কোনো ব্লাড বেংক, এক্সে আদিৰ সুবিধা ৷ মুঠতে চিকিৎসা সেৱাৰ নামত বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ চলিছে চুড়ান্ত প্ৰহসন ৷Conclusion:BYTE :- 1 AASU
BYTE :-2 PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.