গোলাঘাট, ২৯ ছেপ্টেম্বৰ: বিশিষ্ট শিক্ষাবিদ তথা গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পোনাৰাম বৰুৱাৰ দেহাৱসান। গোলাঘাটৰ বটবৃক্ষ স্বৰূপ জাতীয় জীৱনৰ পুৰুধা ব্যক্তি পোনাৰাম বৰুৱাই জিলাখনলৈ আগবঢ়াই গৈছিল অশেষ অৱদান। এইগৰাকী ব্যক্তিৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ গোলাঘাট। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। গোলাঘাট নগৰ স্থিত মিছন ৰোডৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে পোনাৰাম বৰুৱাই। মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ,দুগৰাকী বিবাহিত কন্যাকে ধৰি নাতি নাতিনীক এৰি থৈ গৈছে ইহ-সংসাৰত।
উল্লেখযোগ্য যে,আলফাৰ অন্যতম পৰামৰ্শ দাতা,প্ৰতিস্থাপক আৰু অসম আন্দোলনৰ অন্যতম এগৰাকী প্ৰধান নেতা আছিল পোনাৰাম বৰুৱা। শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ গোলাঘাট সাহিত্য সভাৰ কাৰ্যালয় আৰু ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুণমুগ্ধ সকলে।
লগতে পঢ়ক: ৰাজ্য কঁপোৱা SI নিযুক্তি কাণ্ডৰ এজন পৰীক্ষাৰ্থীক আটক