ETV Bharat / state

বিষাক্ত চুলাই বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন - গোলাঘাট

এই পৰ্যন্ত গ্ৰেপ্তাৰ সৰ্বমুঠ ৩৭ গৰাকী লালীগুৰ আৰু চুলাই মদ ব্যৱসায়ী

বিষাক্ত চুলাই বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
author img

By

Published : Mar 2, 2019, 11:15 PM IST

গোলাঘাট,২ মাৰ্চ: গোলাঘাটত স্প্ৰীত আৰু চুলাই মদ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন । স্প্ৰীত বা মিঠানল বিক্ৰী কৰা মূল অভিযুক্ত আব্দুল কাছিমক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । লগতে গ্ৰেপ্তাৰ আন দুজন অভিযুক্ত ক্ৰমে সৰ্বানন্দ গগৈ আৰু ঘণ গগৈ ।

বিষাক্ত চুলাই বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন

উল্লেখ্য যে,গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি মৃত্যুমুখত পৰিছিল ডেৰ শতাধিক লোক । এই সন্দৰ্ভত মিঠানল ব্যৱহাৰ কৰা বিষাক্ত চুলাই মদ সেৱন কৰিয়ে মৃত্যু হোৱা বুলি জনাইছিল কিছুসংখ্যক চিকিৎসকে ।

এই পৰ্যন্ত লালীগুৰ আৰু চুলাই মদ ব্যৱসায়ী সৰ্বমুঠ ৩৭ জনক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ।কিন্তু এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Intro:গোলাঘাটত স্প্ৰীত আৰু চুলাই মদ বিক্ৰী কৰাৰ অভিযোগত অন্য তিনিজনক গ্ৰেপ্তাৰ। স্প্ৰীত বা মিঠানল বিক্ৰী কৰা মূল অভিযুক্ত আব্দুল কাছিমক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। চুলাই মদ প্ৰস্তুত কৰি বিক্ৰী কৰা দুজন ক্ৰমে সৰ্বানন্দ গগৈ আৰু ঘণ গগৈকো গ্ৰেপ্তাৰ।এই পৰ্যন্ত লালীগুৰ ব্যৱসায়ী আৰু চুলাই মদ ব্যৱসায়ী সৰ্বমুঠ ৩৭ জনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Body:গোলাঘাট আৰু যোৰহাট জিলাত সুৰা ট্ৰেজেদীৰ বলি হল ডেৰ শতাধিকত কৈ অধিক লোক। এই সন্দৰ্ভত চুলাই মদত মিঠানল স্প্ৰীত ব্যৱহাৰৰ ফলত বিষক্ৰীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে একাংশয়ে লালীগুৰত বিষক্ৰীয়া হোৱাৰ ফলত চুলাই মদ বিষাক্ত হোৱাত মৃত্যু হোৱাৰ অভিযোগ কৰিছে। কিছু চিকিৎসকে মিঠানল ব্যৱহাৰ কৰা বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা বুলি জনাই। যাৰবাবে গোলাঘাট আৰক্ষীয়ে সুৰা ট্ৰেজেদিৰ মূল অভিযুক্ত হিচাপে নাম উচ্চাৰিত হৈ থকা আব্দুল কাছিমক গ্ৰেপ্তাৰ কৰে। অসম নাগালেণ্ড সীমান্তৰ খটখটিৰ পৰা আব্দুল কাছাম নামৰ এইজন ব্যৱসায়ীজনে মিঠানল নামৰ দ্ৰব্য বিধি যোগান ধৰিছিল চুলাই মদ বনোৱা ব্যৱসায়ী সকলক। জানিব পৰা মতে এই দ্ৰব্য বিধৰ পৰা সহজতে আৰু কম ব্যয় কৰি প্ৰস্তুত কৰিব পাৰি মদ। আব্দুল কাছামকে ধৰি আৰু দুজন চুলাই মদ ব্যৱসায়ী ক্ৰমে সৰ্বানন্দ গগৈ আৰু ঘণ গগৈক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। শনিবাৰ লৈকে গোলাঘাট আৰক্ষীয়ে সৰ্বমুঠ ৩৭ জনক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানেও তদন্ত অব্যাহত আছে। পৰবৰ্তী সময়তে জানিব পৰা যাব চুলাই মদখিনি বিষাক্ত হল কি দৰে? আৰক্ষীয়েও নিজৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Conclusion:Byte 1: উপ আৰক্ষী অধীক্ষক, গোলাঘাট।
Byte 2: বিধায়ক, মৃণাল শইকীয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.