গোলাঘাট, 28 ফেব্ৰুৱাৰীঃ আজি গোলাঘাটত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্ধোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ শুকুৰবাৰে সৰুপথাৰত অনুষ্ঠিত সংগঠনিক সভাৰ পূৰ্বেই গোলাঘাটত মুকলি কৰে এই গৃহকেইটা ৷ গোলাঘাট পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ হিতাধিকাৰী সুমিত্ৰা ৰজকৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ নিৰ্মিত গৃহটো মাংগলিক কাৰ্যৰে মুকলি কৰাৰ পিচতেই গৃহটো পৰ্যবেক্ষণ কৰি গোঁসাই ঘৰত সেৱা লয় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷
আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোঁহাইয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিজেপিৰ বিপক্ষে এক অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰে ৷ বিজেপিয়ে বিটিএডি নিৰ্বাচনত প্ৰমোদ বড়োক অংশগ্ৰহণ কৰিবলৈ 200 কোটি টকা প্ৰদান কৰিছে বুলি সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা এই অভিযোগক নাকচ কৰা বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়কঃ