ETV Bharat / state

Methanol production plant: ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নামৰূপৰ মিথানল উৎপাদন প্ৰকল্প - PM Modi to visit Assam

১৪ এপ্ৰিলত নামৰূপৰ মিথানল উৎপাদন প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শনিবাৰে এই সন্দৰ্ভত এক বৈঠকত মিলিত হয় মন্ত্ৰী বিমল বড়া ৷ দৈনিক ৫০০ টন মিথানল উৎপাদন ক্ষমতা আছে এই প্ৰকল্পটোৰ (Methanol production plant) ৷

Methanol production plant
১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নামৰূপৰ মিথানল উৎপাদন প্ৰকল্প
author img

By

Published : Apr 1, 2023, 10:49 PM IST

গোলাঘাট, ১ এপ্ৰিল: ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সেইদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব ডিব্ৰুগড় জিলাৰ নামৰূপত নতুনকৈ স্থাপন কৰা মিথানল উৎপাদন প্ৰকল্প ৷ উল্লেখ্য যে, দৈনিক ৫০০ টন মিথানল উৎপাদন ক্ষমতা আছে এই প্ৰকল্পটোৰ (Methanol production plant) ৷

এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত শুকুৰবাৰে এক গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয় ৷ এই আলোচনাত উদ্যোগ বিভাগৰ সচিব ড৹ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল ৷

এই বৈঠকত উদ্বোধনী অনুষ্ঠানৰ বিষয়ে আলোচনা কৰাৰ লগতে সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ উল্লেখ্য যে, অসম চৰকাৰৰ অধীনত ১৯৭১ চনত স্থাপন কৰা অসম পেট্ৰ’কেমিকেলছ লিমিটেড চমুকৈ এপিএল হৈছে প্ৰাকৃতিক গেছৰ পৰা মিথানল উৎপাদন কৰা দেশৰ প্ৰথমটো কোম্পানী (Indian petrochemical industry) ৷

  • As per its expansion plans, the company had targeted producing 500 tonnes of methanol per day at its plant in Namrup and 200 tonnes per day at Bongaigaon.

    Hon’ble PM Adarniya Shri @narendramodi Ji will foramally inaugurate the plant on the 14th of April.

    2/4 pic.twitter.com/inxQvlFJJj

    — Bimal Borah (@BimalBorah119) April 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এপিএলয়ে ২০১৭ চনত ইয়াৰ সম্প্ৰসাৰণৰ বাবে লোৱা পৰিকল্পনা অনুসৰি মুঠ ১৭০৯ কোটি ব্যয়েৰে ডিব্ৰুগড় জিলাৰ নামৰূপত দৈনিক ৫০০ টন আৰু বঙাইগাঁও জিলাৰ বৈতামাৰীত দৈনিক ২০০ টন মিথানল উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছিল (Methanol production in Namrup) ৷

ইয়াৰে নামৰূপৰ প্ৰকল্পটো ইতিমধ্যেই কাৰ্যক্ষম হৈ উঠিছে আৰু কেঁচা মিথানল উৎপাদনৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক গেছ অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে এই প্ৰকল্পৰ উদ্বোধন কৰিব (PM Modi to visit Assam) ৷

টুইটযোগে বিভাগীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়, ‘‘ইয়াৰ সম্প্ৰসাৰণ পৰিকল্পনা অনুসৰি কোম্পানীটোৱে নামৰূপত ইয়াৰ প্ৰকল্পত প্ৰতিদিনে ৫০০ টন মিথানল আৰু বঙাইগাঁৱত প্ৰতিদিনে ২০০ টন উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৷’’

লগতে পঢ়ক: DNLA unilateral ceasefire: পুনৰ 6 মাহলৈ বৃদ্ধি ডিএনএলএৰ একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.