ETV Bharat / state

শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুতৰ সংযোগ নথকাকৈয়ে আহিল বিল - People got electricity bill without having a electricity connection

পূৰ্বৰ দৰেই অনুৰূপ কাণ্ডৰে পুনৰ চৰ্চাত ৰাজ্যৰ শক্তি বিভাগ ৷ এইবাৰ বোকাখাতৰ খটিয়াখলীত সংঘটিত হৈছে আন এক আজৱ ঘটনা ৷ বিদ্যুতৰ সংযোগ নথকা দুখীয়া পৰিয়াললৈ আহিল বিদ্যুতৰ বিল ৷

people-got-electricity-bill-without-having-a-electricity-connection-in-bokakhat
শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুতৰ সংযোগ নাই কিন্তু আহিল বিল
author img

By

Published : Aug 20, 2021, 7:51 PM IST

গোলাঘাট,20 আগষ্ট: ইটোৰ পিছত সিটো আজৱ কাণ্ডৰে সংবাদ মাধ্যমত শিৰোনাম দখল কৰাটো যেন একপ্ৰকাৰৰ অভ্যাসলৈ পৰিণত হৈছে ৰাজ্যৰ শক্তি বিভাগৰ ৷ কেতিয়াবা যদি বিদ্যুতৰ সংযোগ অবিহনে বিদ্যুতৰ বিল আহে আন কেতিয়াবা আকৌ এমাহৰ বিল আহে লক্ষ্যাধিক টকা ৷ ইয়াৰ মাজতে গোলাঘাট জিলাৰ বোকাখাতৰ খটিয়াখলীত সংঘটিত হৈছে আন এক আজৱ ঘটনা ৷ অঞ্চলটোত বিদ্যুতৰ সংযোগ নোহোৱাকৈয়ে বহু পৰিয়াললৈ আহিল বিদ্যুতৰ বিল ৷

প্ৰাপ্ত খবৰ মতে, বিভাগীয় ঠিকাদাৰে অঞ্চলটোত বিদ্যুতৰ খুঁটা পুতি এৰি থৈ যোৱা ডেৰবছৰ হ'ল ৷ কিন্তু কাৰোৰে ঘৰত বিদ্যুৎ সংযোগ নহ’ল ৷ কাৰোৰে ঘৰত নজ্বলিল বিদ্যুতৰ বাতি ৷ ভুক্তভোগী নিচলা গঞাই এই সন্দৰ্ভত বোকাখাতস্থিত বিদ্যুৎ বিভাগৰ কায্যালয়লৈ গাঁঠিৰ ধন ভাঙি সঘনাই অহা যোৱা কৰাৰ পাছতো আজি পৰ্যন্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগৰ বাবে সময় উলিয়াব নোৱাৰিলে ৷ যোৱা ডেৰ বছৰে তাঁৰ বিহীন খুটালৈ চাই লাইট জলাৰ সপোন দেখিলে জনসাধাৰণে ৷

শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুতৰ সংযোগ নাই কিন্তু আহিল বিল

কিন্তু তাৰ মাজতে গাঁও খনৰ কেইবাটাও পৰিয়াললৈ আহিল বিদ্যুতৰ বিল ৷ এই ঘটনাই চকু কপালত তুলিছে বিদ্যুতৰ সংযোগ নথকা পৰিয়াল কেইটাৰ ৷

উল্লেখ্য যে, বিভাগীয় ঠিকাদাৰে অঞ্চলটোত বিদ্যুতৰ যোগান ধৰাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷ অনতি পলমে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ শক্তি বিভাগৰ লগতে শক্তি মন্ত্ৰী বিমল বৰাক আহ্বান জনাইছে সচেতন গঞাই ৷ লগতে বিভাগীয় ঠিকাদাৰকৰ হেমাহি সন্দৰ্ভতো নজৰ ৰাখিবলৈ আহ্বান জনাইছে ৰাইজে ৷ ক'ভিডৰ গ্ৰাসত পৰি জনসাধাৰণ জুৰুলা হোৱাৰ সময়তে শক্তি বিভাগৰ এনে কাণ্ডত বিমোৰত পৰিছে গঞা ৷

লগতে পঢ়কঃ অলংকাৰ পৰিস্কাৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বহিঃৰাজ্যৰ প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.