ETV Bharat / state

এনকাউণ্টাৰ নহয়, আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু !

author img

By

Published : Aug 11, 2021, 2:27 PM IST

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Kushal Konwar Civil Hospital)ত মঙলবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰোগীয়ে চিকিৎসকক ইটাৰে আক্ৰমণ কৰাৰ পাচত আৰক্ষীৰ লাঠিৰ কোবত প্ৰাণ গ'ল ৰোগীৰ ৷

patient died in police lathi charge at golaghat
আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু

গোলাঘাট, 11 আগষ্ট : এনকাউণ্টাৰ (Encounter) নহয়, এইবাৰ আৰক্ষীৰ লাঠিৰ কোবতহে মৃত্যু হৈছে এজনৰ ৷ গোলাঘাটত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Kushal Konwar Civil Hospital)ত আৰক্ষীৰ প্ৰহাৰত ৰোগী মৃত্যু হোৱাৰ এই ঘটনা সংঘটিত হৈছে ৷

মঙলবাৰে নিশাৰ ভাগত হাস্পতালখনত চিকিৎসাধীন হৈ থকা এজন লোকে ইটাৰে চিকিৎসকক আক্ৰমণ কৰাৰ পাচতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ সূত্ৰই জনোৱা মতে, কমাৰগাঁৱৰ অৰবিন্দ শইকীয়া নামৰ ৰোগীজনে মঙলবাৰে বিয়লি ভাগত ভৰিৰ চিকিৎসাৰ বাবে হাস্পতালখনত ভৰ্তি হৈছিল ৷

আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু

হাস্পতালত বিশেষ চিকিৎসা সেৱা প্ৰদান নকৰি ৰোগীজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(JMCH)লৈ প্ৰেৰণ কৰা হৈছিল ৷ অৰবিন্দক যোৰহাটলৈ নিয়াৰ ব্যৱস্থা কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অৰবিন্দই চিকিৎসকক ইটাৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ অৱশ্যে এয়া অভিযোগ-প্ৰতি অভিযোগহে ৷

লগতে পঢ়ক : দৰং আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

ইফালে অৰবিন্দৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ইয়াৰ পাচতে আৰক্ষীয়ে অৰবিন্দক প্ৰহাৰ কৰে ৷ যাৰ ফলস্বৰূপে মৃত্যুক সাৱটিবলগীয়া হয় ৰোগীজনে ৷ আনহাতে, অৰবিন্দৰ গাত স্পৰ্শ নকৰা বুলি মন্তব্য কৰিছে খোদ আৰক্ষীয়ে ৷ আৰক্ষীক দেখি ভয়তে পলায়ন কৰাৰ ফলত হাস্পতালৰ চৌহদত ৰখাই থোৱা গাড়ীত নিজেই খুন্দা খাই ৰোগীজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

উক্ত ঘটনাৰ পাচতে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ ঘটনা সন্দৰ্ভত বৰ্তমানো সঠিককৈ কোনো তথ্য জানিব পৰা হোৱা নাই ৷ সকলোৱে বিচাৰিছে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত । তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে কেনেদৰে মৃত্যু হ’ল ৰোগী অৰবিন্দ শইকীয়াৰ ।

লগতে পঢ়ক : স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.