ETV Bharat / state

Kamala Miri Park : বোকাখাতৰ শ্বহীদ কমলা মিৰি উদ্যানৰ কদৰ্যময় ৰূপ

author img

By

Published : Nov 22, 2021, 8:49 PM IST

শ্বহীদৰ নামত উৎসৰ্গিত উদ্যানৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো ! শ্বহীদৰ স্মাৰকত তামোলৰ পিক । আৱৰ্জনাৰে ভৰিছে বোকাখাতৰ শ্বহীদ কমলা মিৰি(Kamala Miri) উদ্যান । এই উদ্যানখন পৰিস্কাৰ কৰি ৰখাত গুৰুত্ব নাই প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ ।

Pathetic condition of Swahid Kamala Miri Park
বোকাখাতৰ শ্বহীদ কমলা মিৰি উদ্যানৰ কদৰ্যময় ৰূপ

বোকাখাত, ২২ নৱেম্বৰ: চৰকাৰে ঘোষণা কৰিলে ২০২১ বৰ্ষৰ স্বচ্চ সৰ্বেক্ষণৰ ফলাফল । এই ফলাফলৰ তালিকাত জিলিকিল গোলাঘাট(Golaghat) চহৰৰ নাম । কিন্তু এই গোলাঘাটতে আছে শ্বহীদ(Martyrs)ৰ স্মৃতিত নিৰ্মাণ কৰা এনে এখন উদ্যান, যিখন উদ্যানৰ অৱস্থা এতিয়া কদৰ্যময় হৈ পৰিছে । প্ৰতি বছৰে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীতহে শ্বহীদলৈ মনত পৰে বোকাখাত প্ৰশাসনৰ ।

এই কথাকে প্ৰমাণ কৰিছে বোকখাত(Bokakhat)ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা শ্বহীদ কমলা মিৰি উদ্যান(Kamal Miri Park)ৰ কদৰ্যময় অৱস্থাই । ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদৰ স্মৃতিত এই উদ্যানখন নিৰ্মাণ কৰা হৈছিল যদিও উদ্যানখনৰ বৰ্তমানৰ অৱস্থাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় লোকসকলে । কিয়নো, উদ্যানখন বৰ্তমান আৱৰ্জনা পেলোৱা স্থানলৈ পৰিণত হৈছে । শ্বহীদ সন্মান দিয়াৰ নামত চৰকাৰে উদ্যান নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু পৰিস্কাৰ(Cleaning) কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে উদ্যানখনৰ জৰাজীৰ্ণ অৱস্থা হৈছেগৈ ।

এই উদ্যানখনৰ পৰিৱেশ দেখিলে সম্ভৱতঃ সকলোৱে লজ্জাবোধ কৰিব । স্থানীয় ৰাইজে জনোৱা মতে, প্ৰতি বছৰে স্বাধীনতা দিৱস(Independence Day) আৰু গণৰাজ্য দিৱস(Republic Day)ত কিছু পৰিমাণে ৰং সানি এদিনৰ বাবে সজাই তোলা হয় উদ্যানখন । এই বিশেষ দিনকেইটাতহে শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় প্ৰশাসনৰ তৰফৰ পৰা ।

কিন্তু অনুষ্ঠান শেষ হোৱাৰ পাচতে পুনৰ উদ্যানখন পূৰ্বৰ দৰে হৈ পৰে । শ্বহীদৰ স্মাৰকত তামোলৰ পিক পেলাবলৈ কুণ্ঠাবোধ নকৰে একাংশই । ২০১৯ চনত বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা(ATUL BORA)ই উদ্যানখন ন-ৰূপত সজাই তুলিবলৈ উদ্যানস্থলীত শ্বহীদ কমলা মিৰি, শ্বহীদ বেজা বৈষ্ণৱ আৰু শিল্পী আইদেউ সন্দিকৈৰ এটাকৈ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । কিন্তু বিশেষ কাৰণত প্ৰতিমূৰ্তিকেইটা উদ্যানখনত স্থাপন নকৰি মহকুমা প্ৰশাসনে মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত স্থাপন কৰে ।

পৰিতাপৰ বিষয় যে, বোকাখাত নগৰ সমিতিয়ে নগৰ খনৰ মাজমজিয়াতে থকা শ্বহীদৰ নামৰ উৎসৰ্গিত উদ্যানখনৰ পৰিৱেশ স্বচ্ছ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । উদ্যানখনৰ গাতে লাগি থকা লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনটোলৈ বহু বিষয়া, মন্ত্ৰী, বিধায়কৰ আগমণ হয় । কিন্তু উদ্যানখন পৰিস্কাৰ কৰি ৰখাৰ বিষয়ে গুৰুত্ব নিদিয়ে । এতিয়া উদ্যানখন পৰিস্কাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে বোকাখাতৰ সচেতন ৰাইজে ।

লগতে পঢ়ক:stone crusher pollution : প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নিৰ্দেশনা অমান্য একাংশ ষ্ট'ন ক্ৰেচাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.