ETV Bharat / state

অনুষ্টুপীয়াকৈ পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 112 সংখ্যক জন্ম দিৱস

author img

By

Published : Aug 12, 2020, 12:53 PM IST

Updated : Aug 12, 2020, 4:39 PM IST

ৰবীন বেনাৰ্জী সংগ্ৰাহলয়ত বুধবাৰে ৰবীন বেনাৰ্জী ট্ৰাষ্ট আৰু গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে পালন কৰিলে পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 112 সংখ্যক জন্ম দিৱস ৷ কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ জন্ম দিৱস ৷

পদ্মশ্ৰী ৰবীন বেনাৰ্জী
পদ্মশ্ৰী ৰবীন বেনাৰ্জী

গোলাঘাট, 12 আগষ্ট: বুধবাৰে অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 112 সংখ্যক জন্ম দিৱস ৷ ৰবীন বেনাৰ্জীৰ বাসগৃহ তথা ৰবীন বেনাৰ্জী সংগ্ৰাহলয়ত,ৰবীন বেনাৰ্জী ট্ৰাষ্ট আৰু গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে পালন কৰিলে বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা গৰাকীৰ জন্ম দিৱস ৷ আন বৰ্ষৰ দৰে এইবাৰ তেওঁৰ জন্ম দিৱস বহুল কাৰ্যসূচীৰে পালন কৰা হোৱা নাই যদিও, তেওঁৰ জন্ম দিৱস উপলক্ষে এখন ৱেবনাৰৰ আয়োজন কৰিছে ৰবীন বেনাৰ্জী ট্ৰাষ্ট আৰু গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই ৷

অনুষ্টুপীয়াকৈ পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 122 সংখ্যক জন্ম দিৱস

১৯০৮ চনৰ 12 আগষ্টত পশ্চিমবংগত জন্মগ্ৰহণ কৰা প্ৰকৃতিবিদ গৰাকী দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে আহিছিল কাজিৰঙালৈ ৷ অসমলৈ আহি কাজিৰঙা তথা অসমৰ জৈৱ বৈচিত্ৰৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ থাকিবলৈ লৈছিল গোলাঘাটত ৷ তেওঁ 1961 চনত কাজিৰঙাৰ পটভূমিত নিৰ্মাণ কৰা তথ্যচিত্ৰখনে স্থান পাইছিল বিশ্ব দৰবাৰত ৷ তথ্যচিত্ৰ খন বাৰ্লিন টেলিভিছনত প্ৰদৰ্শিত হোৱাৰ পাচত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছিল বিশ্বৰ ভিন্ন প্ৰান্তৰ লোক ৷ কেৱল এয়াই নহয় কাজিৰঙাৰ সংৰক্ষণৰ ক্ষেত্ৰতো তেওঁ আগভাগ লৈছিল ৷ ১৯৭১ চনত মহান ব্যক্তি গৰাকী ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰে বিভূষিত হৈছিল ৷ অসমৰ পটভূমিত ভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰা ৰবীন বেনাৰ্জীয়ে 2003 চনত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে ৷ তেওঁৰ মৃত্যুৰ পাচতে গোলাঘাটস্থিত তেওঁৰ বাসভৱনটো তেওঁ অংকণ কৰা ভিন্ন চিত্ৰ, তেওঁ দেশ-বিদেশৰ ভিন্ন স্থান গৈ তোলা ফটোকে আদি কৰি তেওঁ ব্যৱহাৰ কৰা বহু সামগ্ৰীৰে সজাই সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয় ৷

পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 122 সংখ্যক জন্ম দিৱস

লগতে পঢ়ক: বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে অধ্যাপকৰ বিৰুদ্ধে গোচৰ

Last Updated : Aug 12, 2020, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.