ETV Bharat / state

লক্ ডাউনৰ মাজতে গোলাঘাটত উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 11, 2020, 3:46 PM IST

সোমবাৰে অনুষ্ঠিত স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ বাতিল হোৱাৰ পিচতে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ।

overcrowded situation in golaghat during lockdown

গোলাঘাট, 11 মে': লক্ ডাউন অব্যাহত থকাৰ মাজতে গোলাঘাটত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰ । সামাজিক দূৰত্ব বৰ্তাই ৰাখিব নোৱাৰাৰ বাবে বাতিল হ'ল স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ । তাৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত । গোলাঘাটৰ COVID-19 চিকিৎসালয়ৰ চাফাই কৰ্মীৰ ৮ টা পদৰ বাবে হৈছিল সক্ষাৎকাৰ ।

লক্ ডাউনৰ মাজতে গোলাঘাটত উত্তপ্ত পৰিস্থিতি
গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ লগতে যোৰহাট, শিৱসাগৰ, নগাঁও আদি কেইবাখনো জিলাৰ প্ৰায় দুহেজাৰ নিবনুৱা সমবেত হৈছিল গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত । কিন্তু স্থান অনুপাতে প্ৰাৰ্থী অধিক হোৱাত সামাজিক দূৰত্ব বিঘ্নিত হয় । ফলত স্বাস্থ্য বিভাগে বাতিল কৰিবলৈ বাধ্য হয় সাক্ষাৎকাৰ । যাৰ বাবে পৰিস্থিতিয়ে এনে ৰূপ পায়গৈ যে, সাক্ষাৎকাৰৰ সমগ্ৰ পৰিৱেশ কঠোৰভাৱে নিয়ন্ত্ৰণৰ বাবে বাধ্য হয় আৰক্ষী । লক্ ডাউনৰ মাজতে সাক্ষাৎকাৰৰ নামত গাঠিৰ ধন ভাঙি সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱাকৈ ঘৰমূৱা হ'বলগীয়া হ'ল বহু নিবনুৱা ।

লগতে পঢ়কঃ নেল্লোৰৰ ৰাসায়নিক গোদামত অগ্নিকাণ্ড, আতংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.