খুমটাই , 1 অক্টোবৰঃ সোমবাৰে খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনত উৰিয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুস্থিত হয় ৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আচঁনিৰ অধীনত আৰু গোলাঘাট সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অসমত প্ৰথম বাৰৰ বাবে 14 ছেপ্টেম্বৰৰ পৰা 15 দিনীয়াকৈ উৰিয়া নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছিল ৷ গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ এই উৰিয়া নৃত্য কৰ্মশালা অনুষ্ঠানৰ সোমবাৰে সামৰণি পৰে ৷
জ্যেষ্ঠ সাংবাদিক দিগন্ত ভূঞাই এই সামৰণি অনুস্থানখন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ৷ লগতে অনুষ্ঠানখনত অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট সাংস্কৃতিক বিভাগৰ জিলা বিষয়া ৰবিজ্যোতি বৰুৱা, গোলাঘাট সাংবাদিক সন্থাৰ কাৰ্যকৰি সভাপতি বিকাশ শৰ্মা , মদমুক্ত অসমৰ সম্পাদক প্ৰবিন দাস, চাহ জনজাতীয় লোক সকলৰ সাংস্কৃতিক কৰ্মীসকলৰ লগতে গোলাঘাট চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতৰি কাকত জননী বাৰ্তাৰ সম্পাদক মাখনলাল বাঢ়ৈ ৷ ইপিনে এই সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে অসমৰ সংস্কৃতিক বিভাগে এই অনুষ্ঠানৰ দ্বাৰা উৰিয়া সমাজৰ প্ৰধান উৰিয়া নৃত্যক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে ৷