গোলাঘাট, 07 মে': গোলাঘাটত প্লাষ্টিকৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান ৷ সোমবাৰে বহু পৰিমাণৰ প্লাষ্টিক জব্দ কৰি নষ্ট কৰে গোলাঘাট প্ৰশাসনে ৷ 40 মাইক্ৰ'নৰ তলৰ প্লাষ্টিক নিষিদ্ধ কৰিবলৈ গোলাঘাট প্ৰশাসনে চলালে এই অভিযান ৷ গোলাঘাট প্ৰশাসনৰ দণ্ডাধীশ, পৌৰসভাৰ কৰ্মচাৰী, শ্ৰমিকৰ লগতে গোলাঘাট আৰক্ষীৰ সহযোগত চলোৱা হয় এই অভিযান ৷
প্ৰথমবাৰৰ বাবে সজাগতামূলকভাৱে চলোৱা এই অভিযানৰ পাচতো যদি ব্যৱসায়িক প্ৰতিষ্ঠান সকলে প্লাষ্টিক নিষিদ্ধ কৰাত সহযোগিতা নকৰে তেন্তে জৰিমনা বিহাৰ উপৰিও 144 ধাৰাৰ জৰিয়তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷