ETV Bharat / state

খুমটাইৰ বৰফলং চাহ বাগিছাত মৃত নাহৰফুটুকী উদ্ধাৰ - তীব্ৰ চাঞ্চল্য

মৃত নাহৰফুটুকী উদ্ধাৰক লৈ চাহ শ্ৰমিকৰ মাজত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

ETV BHARAT
খুমটাইৰ বৰফলং চাহ বাগিছাত মৃত নাহৰফুটুকী উদ্ধাৰ
author img

By

Published : Apr 18, 2020, 10:59 AM IST

খুমটাই,18 এপ্ৰিলঃ খুমটাইৰ বৰফলং চাহ বাগিচাত ক্ষত-বিক্ষত অৱস্থাত এটা প্ৰকাণ্ড নাহৰ ফুটুকী উদ্ধাৰ হয় ৷ বাঘটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হয় অঞ্চলটোত ৷

খুমটাইৰ বৰফলং চাহ বাগিছাত মৃত নাহৰফুটুকী উদ্ধাৰ

লক ডাউনৰ মাজতে খুমটাইৰ বৰফলং চাহ বাগিছাত চাঞ্চল্যকৰ ঘটনা ৷ বৰফলং চাহ বাগিছাত শুকুৰবাৰে বাগিচাৰ শ্ৰমিকে পাত তুলিবলৈ যোৱা অৱস্থাত এটা মৃত নাহৰফুটুকী প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে,পূৰ্বতেও এনে ঘটনা সংঘটিত হৈছিল সেই অঞ্চলটোত ৷ অঞ্চলটোত বাঘৰ বিচৰণৰ কথা উল্লেখ কৰে স্থানীয় লোকে ৷ দুটা বাঘৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে নাহৰফুটুকীটো মৃত হোৱাৰ আশংকা স্থানীয় লোকৰ ৷ বাঘটোৰ মৃতদেহ দেখি প্ৰায় দুদিনৰ পূৰ্বতেই মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ এই ঘটনাটো বন বিভাগৰ লোকক ৰাইজে অৱগত কৰে যদিও বৰ্তমানলৈকে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱা নাই ৷ ইয়াকে লৈ বাগিচা খনৰ শ্ৰমিকসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক- তামোল উৎপাদনৰ ক্ষেত্ৰত বিখ্যাত কোকৰাঝাৰত হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.