ETV Bharat / state

আশ্ৰয়স্থলীয়ে হ’লগৈ মৃত্যুৰ কাৰক - অসমত প্ৰলয়ংকাৰী ধুমুহা

ধুমুহাৰ ফলত গছৰ তলত আশ্ৰয় লোৱাই কাল হ’ল কমাৰবন্ধাৰ দ-গোঁহাই গাঁৱৰ হেমকান্ত বৰাৰ । শুকুৰবাৰে নিশা এডাল প্ৰকাণ্ড জৰী গছ উভালি পৰি মৃত্যু ঘটে 63 বছৰীয়া হেমকান্ত বৰা (one man died due to storm in Golaghat) নামৰ এগৰাকী ব্যক্তিৰ ৷

হঠাৎ অহা ধুমুহাত জৰী গছডাল উভালি পৰি মৃত্যু হেমকান্ত বৰাৰ

author img

By

Published : Mar 26, 2022, 10:30 AM IST

গোলাঘাট, 26 মাৰ্চ : ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ গোলাঘাটতো পৰিছে ধুমুহাৰ প্ৰভাৱ (Storm causes extensive damage in Assam) ৷ শুকুৰবাৰে বিয়লি ভাগত অহা ধুমুহাই প্ৰাণ কাঢ়িলে কমাৰবন্ধাৰ দ-গোঁহাই গাঁৱৰ হেমকান্ত বৰাৰ ৷ ধুমুহাৰ পৰা হাত সাৰিবলৈ গছৰ তলত আশ্ৰয় লোৱাটোৱে কাল হ’ল বৰাৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে বিয়লিৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত বতৰে কিছু বিধি-পথালি দি আছিল ৷ গোলাঘাটত শুকুৰবাৰে নিশাৰ ভাগত আহিছিল প্ৰচণ্ড বতাহ-ধুমুহা ৷ কিন্তু সেই সময়তে কোনো বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল হেমকান্ত বৰা নামৰ লোকজন ৷

হঠাৎ অহা ধুমুহাত জৰী গছডাল উভালি পৰি মৃত্যু হেমকান্ত বৰাৰ

আকস্মিকভাৱে অহা ধুমুহাৰ পৰা হাত সাৰিবলৈ হেমকান্ত বৰাই আশ্ৰয় লৈছিল এডাল জৰী গছৰ তলত । কিন্তু হেমন্ত বৰাই অনুমানেই কৰিব পৰা নাছিল যে, যি জোপা গছ আশ্ৰয়ৰ বাবে তেওঁ বাছি লৈছে, তাতেই ৰৈ আছিল কাল ৷ পৰৱৰ্তী সময়ত পৰিস্থিতিৰ অধিক বিপৰ্যয় ঘটে ৷

ফলত হেমকান্ত বৰাই আশ্ৰয় লোৱা প্ৰকাণ্ড জৰী গছডাল উভালি পৰে ৷ প্ৰকাণ্ড গছজোপাৰ হেঁচাত মৃত্যু ঘটে 63 বছৰীয়া ব্যক্তিগৰাকীৰ । জানিব পৰা মতে, হেমকান্ত বৰা স্থানীয় জয়হিন্দ ক্লাবৰ এগৰাকী প্ৰাক্তন সম্পাদক আছিল । হেমকান্ত বৰাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷

আনহাতে, শুকুৰবাৰে নিশা অহা প্ৰলয়ংকাৰী ধুমুহাৰ ফলত অঞ্চলটোৰ কেইবাটাও স্থানত গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰসমূহ ছিগি পৰে । আনকি এই ধুমুহাৰ ফলত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতিসাধন হয় (Storm causes extensive damage in Golaghat) ৷

লগতে পঢ়ক : হঠাৎ অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন ৰঙিয়াত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.