ETV Bharat / state

'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমত জ্যেষ্ঠজনক সেৱা জনালে AJYCPৰ কৰ্মকৰ্তাই - বৃদ্ধ পেঞ্চন প্ৰদান

ৰঙালী বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে জ্যেষ্ঠজনক সেৱা জনালে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ কৰ্মকৰ্তাই । জিলাখনৰ 'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ সৈতে সংগঠনটোৰ বিষয়ববীয়াই উদযাপন কৰিলে বিহু । এই ককা-আইতাসকলকো বৃদ্ধ পেঞ্চন প্ৰদান কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ সংগঠনটোৱে চৰকাৰক আহ্বান জনায় ।

'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমত জ্যেষ্ঠজনক সেৱা জনালে AJYCPৰ কৰ্মকৰ্তাই
গোলাঘাটৰ আমাৰ ঘৰ বৃদ্ধাশ্ৰমত বিহু উদযাপন
author img

By

Published : Apr 16, 2021, 6:12 PM IST

গোলাঘাট, ১৬ এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহু বিভিন্ন জনে বিভিন্ন ধৰণেৰে উদযাপন কৰিছে । পৰিয়ালৰ পৰা আঁতৰি থকা ককা-আইতাসকলৰ সৈতে ৰঙালী বিহু উদযাপন কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ কৰ্মকৰ্তাই । 'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলক সেৱা জনাই বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে সংগঠনটোৱে ।

'আমাৰ ঘৰ' বৃদ্ধাশ্ৰমত জ্যেষ্ঠজনক সেৱা জনালে AJYCPৰ কৰ্মকৰ্তাই

'বহাগী ক্ষণ, ৰাইজক কুশলে ৰখাৰ পণ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে । এই সম্বৰ্ধনা অনুষ্ঠানত ককাসকলক চেলেং, গামোচা আদি উপহাৰ হিচাপে দি সেৱা জনায় কৰ্মকৰ্তাসকলে । লগতে আইতাসকলকো চাদৰ, চেলেং আৰু গামোচা আগবঢ়ায় আশিস লয় ।

ককা-আইতাসকলকো বৃদ্ধ পেঞ্চন প্ৰদান কৰিবলৈ আৰু অৰুণোদয় আঁচনিকে ধৰি চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰদান কৰিবলৈ এই অনুষ্ঠানৰ পৰাই সংগঠনটোৱে চৰকাৰক আহ্বান জনায় । লগতে অনাগত দিনবোৰত সংগঠনটোৱে যাতে ভালদৰে কাম কৰি যাব পাৰে তাৰ বাবে ককা-আইতাসকলৰ আশীৰ্বাদ লয় নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক:গোলাঘাটত সমাজ কৰ্মীক সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.