ETV Bharat / state

গোলাঘাটত নৱ নিৰ্মিত চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - orange zone

শুকুৰবাৰে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । তেওঁ গোলাঘাটত নতুনকৈ নিৰ্মাণ কৰা কোভিড-19 চিকিৎসালয় মুকলি কৰাৰ লগতে পৰিদৰ্শন কৰে । লগতে চিকিৎসাধীন হৈ থকা ৪জন কোভিড-19 ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ পিছত তেওঁলোকৰ দেহত নিগেটিভ পোৱাৰ বাবেই চিকিৎসালয়ৰ পৰা উপহাৰ প্ৰদান কৰি চাৰিওজনকে নিজেই ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

গোলাঘাটত নৱ নিৰ্মিত চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Apr 17, 2020, 8:30 PM IST

গোলাঘাট, 17 এপ্ৰিল : গোলাঘাটবাসীৰ বাবে এক সুখবৰ ৷ ভাৰত চৰকাৰে গোলাঘাট জিলাক ‘ৰেড জ'ন হিচাপে ঘোষণা কৰাৰ পিছতে শুকুৰবাৰে গোলাঘাটক ‘অৰেঞ্জ জ'ন’ হিচাপে ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ড0ঃ চিকিৎসালয় গৃহটো কোভিড-19ত আক্ৰান্ত ৰোগীৰ চিকিৎসালয়ৰূপে মুকলি কৰি এই ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

গোলাঘাটত নৱ নিৰ্মিত চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটত নতুনকৈ শুভাৰম্ভ কৰা এই চিকিৎসালয়খনত 24খন আইচিইউ বিছনা,আইছ'লেশ্যনৰ ৱাৰ্ডত 40খন বিছনা আৰু কোৱাৰেন্টাইনত 56 খন বিচনা সংযোজন কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাৰ অন্তত চিকিৎসালয়খনত ভৱিষ্যতে নৱজাতক আৰু প্ৰসূতিৰ বাবে ১০ৰ পৰা ১৫খন আইচিইউ বিছনাৰ সুবিধা উপলব্ধ কৰা হ’ব ।

উল্লেখ্য যে বৰ্তমানৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পুৰণি ঘৰটো ভাঙি নতুনকৈ অতিৰিক্ত ৩০০ বিছনাযুক্ত গৃহ নিৰ্মাণ কৰা হ'ব । ইফালে মৰিগাঁৱৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত 14 দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, PPE kitৰ ওপৰত কোনোবাই ৰাজনীতি কৰিলে তেওঁ হাত দাঙি অভিযোগ অনাসকলক এই দিশত যাৱতীয় ব্যৱস্থা ল'বলৈ আহ্বান জনাব ।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰেপিড টেষ্ট কিট 5 হাজাৰ পোৱাৰ সম্ভাৱনা আছে,কিন্তু ৰাজ্যৰ বৰ্তমান পৰিস্থিতি চাই আৰু ৰোগীসকলক তাৎক্ষণিকভাৱে চিকিৎসা দিব পৰাকৈ নিজাববীয়াকৈ 1 লাখ ৰেপিড টেষ্ট কিট অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। আনহাতে,কোভিড-19ত আক্ৰান্তৰ পৰা সুস্থ হৈ বৰ্তমান অব্যাহতি দিয়া লোকসকল গাঁৱলৈ গ'লে ভয় কৰাৰ কোনো প্ৰয়োজন নাই ৷ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক আলোচনা চক্ৰৰ যোগেদি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে এই কথা ৷

ইয়াৰোপৰি, চিকিৎসাধীন হৈ থকা দেৰগাঁও দীঘলীপামৰ তিনিগৰাকী আৰু মৰঙী ঢুলীয়া এগৰাকী ব্যক্তি চিকিৎসাৰ পিছতে তেওঁলোকৰ দেহত নিগেটিভ পোৱাৰ বাবেই তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। চাৰিওজনকে পুনৰ ১৪ দিনৰ বাবে গোলাঘাটৰ এনাজৰী বিবাহ ভৱনত ৰখা হ'ব । এই সন্দৰ্ভত চাৰিওজনে চৰকাৰ আৰু চিকিৎসা কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : কোৱাৰেন্টাইনত থকা যুৱকৰ আত্মগোপনক লৈ টিংখাঙত আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.