গোলাঘাট,18 জানুৱাৰীঃ ক্ৰমাৎ পুনৰ প্ৰাণ পাই উঠিছে অসমীয়া বোলছবি জগত ৷ জুবিন গাৰ্গৰ কাঞ্চনজংঘা,যতীন বৰাৰ ৰত্নাকৰৰ পিছত এইবাৰ আহি আছে ৰবি শৰ্মাৰ "ৰঘুপতি"।
শেহতীয়াকৈ ছবিখনৰ শ্বুটিং চলি আছে গোলাঘাট জিলাত ৷ গোলাঘাটৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ চলিছে ৰঘুপতিৰ ৷ ৰঘুপতি ছবিখনত অভিনয় কৰিছে অসমৰ বলিষ্ঠ অভিনেতা ৰবি শৰ্মা,জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ লগতে অৰুণ নাথ,অৰুণ হাজৰিকা,সিদ্ধাৰ্থ শৰ্মা,প্ৰিয়ম পল্লৱী,মাধুৰীমা চৌধুৰীৰ দৰে বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ৷
এইখিনিতে জনাই থও যে,অভিনেতা ৰবি শৰ্মাই ছবিখনৰ স্ক্ৰিপ্টিঙৰ কাম কৰিছে ৷ ছবিখনৰ বহুখিনি অংশৰ শ্বুটিঙ সম্পূৰ্ণ হৈছে যদিও "ৰঘুপতি"ৰ গান আৰু এক্সনৰ কাম এতিয়াও বাকী আছে ।
ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই যদিও এইবৰ্ষৰে আগষ্ট নতুবা ছেপ্টেম্বৰ মাহত ছবিখন মুক্তি পাব বুলি আশা প্ৰকাশ কৰা হৈছে। ছবিখন সকলোকে চাবৰ বাবে সংবাদ মাধ্যম যোগে অনুৰোধ জনাইছে অভিনেতা ৰবি শৰ্মাই ৷
লগতে পঢ়কঃ14 ফেব্ৰুৱাৰীত কি কৰিব কাৰ্তিক আৰিয়ান আৰু চাৰা আলি খানে ?