ETV Bharat / state

অসমৰ ভূমিত পুখুৰী খান্দিলে নগাই - পুনৰ সীমান্তৱৰ্তী অসম ভূমিত নগাৰ আগ্ৰাসনৰ চেষ্টা

বিগত বহু দিনৰ পৰাই নগাই ভাবুকি প্ৰদানেৰ সীমান্তৱৰ্তী অসমৰ ভূমিত আগ্ৰাসন চলোৱাৰ চেষ্টা কৰি আহিছে অভিযোগ উত্থাপন কৰিছে একাংশ সীমান্তৱৰ্তী লোকে ৷ ইতিমধ্যে নগাই মেৰাপানীৰ দীঘলপানী অঞ্চলত বৃহৎ পুখুৰী খন্দাৰ লগতে, অসমীয়া কৃষকৰ পথাৰৰ জেওৰা ভঙা বুলিও জানিব পৰা গৈছে ৷

Naga aggression in Assam land
Naga aggression in Assam land
author img

By

Published : Jun 15, 2020, 8:27 PM IST

গোলাঘাট, 15 জুন : সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰৰ ব্যস্ততাৰ সুযোগ লৈ মেৰাপানীৰ দীঘলপানী অঞ্চলত নগাই বেদখল আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে ৷ দীঘলপানী গাঁৱৰ স্থানীয় লোকৰ কৃষিভূমিত একাংশ নগাই বৃহৎ পুখুৰী খন্দাক লৈ এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসী স্থানীয় লোক ৷ প্ৰথম অৱস্থাত নগাৰ বেদখল দেখি দীঘলপানীৰ স্থানীয় লোকে চি আৰ পি এফক বিযষয়টো অৱগত কৰিছিল ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত চি আৰ পি এফ আৰু সীমান্ত দণ্ডাধীশে ঘটনাস্থলী পৰিদৰ্শন কৰি নগা দখলকাৰী লোকসকলক বেদখল বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছিল ৷

অসমৰ ভূমিত পুখুৰী খান্দিলে নগাই

কিন্তু প্ৰশাসনৰ সকীয়নিলৈ ভ্ৰূক্ষেপ নকৰি শনিবাৰে নগাই এস্কেভেটৰৰ সহায়ত অসম ভূমিত এটা বৃহৎ পুখুৰী খান্দে ৷ লগতে অসমীয়া কৃষকৰ পথাৰৰ জেওৰা জপনাসমূহো ভাঙি তহিলং কৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ তাকে লৈ এতিয়া নগাৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰিছে সীমান্তবাসী ৷ দেওবাৰে একাংশ লোকে হাতে হাতে কোৰ লৈ নগাই বলপূৰ্বক খন্দা পুখুৰীটো পুতি পেলোৱাৰ চেষ্টা চলায় ৷ নগাৰ আগ্ৰাসন অনতিপলমে ৰোধ কৰিবৰ বাবে দীঘলপানীবাসী ৰাইজে গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনাইছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বিগত বহু দিনৰ পৰাই নগাই ভাবুকি প্ৰদানেৰ সীমান্তৱৰ্তী অসমৰ ভূমিত আগ্ৰাসন চলোৱাৰ চেষ্টা কৰি আহিছে ৷

লগতে পঢ়কঃ ২০ কোাটি টকা কেলেংকাৰীৰ ফোন কল ভাইৰেল : উত্তপ্ত দল-সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.