গোলাঘাট, 27 জুনঃ গোলাঘাটৰ কমাৰগাঁও অপেশ্বৰী ঘাটত হত্যাকাণ্ড । গঁড় চিকাৰীয়ে হত্যা কৰি ধনশিৰি নদীত পেলাই দিলে সতীৰ্থক ৷ এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিলে মৃতদেহ । গোলাঘাটৰ কমাৰগাঁও অপেশ্বৰী ঘাটত বুধবাৰে পৰিকল্পিতভাৱে পল্লৱ বসুমতাৰী নামৰ এজন গঁড় চিকাৰীয়ে হত্যা কৰিলে আন এজন সতীৰ্থক । পল্লৱ বসুমতাৰী নামৰ গঁড় চিকাৰী জনে আন দুজন সতীৰ্থৰ লগত মিলি পৰিকল্পিতভাৱে হত্যা কৰিলে বিভিন্ন অপৰাধৰ লগত জড়িত মঞ্জিত বৰাক । পল্লৱ বসুমতাৰী নামৰ গঁড় চিকাৰীজনে অপেশ্বৰী ঘাটেৰে ধনশিৰি নদী পাৰ হৈ সোণাৰী চাপৰিত গঁড় হত্যাৰ বাবে লুকুৱাই ৰখা ৰাইফল আনিবলৈ যাওঁতেই হত্যা কৰে সতীৰ্থ মঞ্জিত বৰাক । মঞ্জিত বৰাক হত্যা কৰাৰ সময়ত সহযোগিতা কৰিছিল আন দুজন সতীৰ্থই । হত্যাকাণ্ডৰ লগত জড়িত পল্লৱ বসুমতাৰীক কমাৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমান পৰ্যন্ত পলাতক আন দুজন হত্যাকাৰী ৷
উল্লেখ্য যে, মঞ্জিতক হত্যা কৰি ধনশিৰি নৈত মৃতদেহ পেলাই দিছিল ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই বাইক লৈ অপেশ্বৰী ঘাটলৈ আহিছিল পল্লৱ বসুমতাৰী ৷ বহু সময় ধৰি বাইকখন অপেশ্বৰী ঘাটত পৰিত্যক্ত অৱস্থাত পৰি থকা দেখি সন্দেহ হৈছিল স্থানীয় লোকৰ ৷ তাৰ পাচতে স্থানীয় লোকে কমাৰগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে হত্যাকাৰী পল্লৱক বাইকৰ সৈতে আটক কৰাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা । আনহাতে, মৃত মঞ্জিত বৰা পূৰ্বতে গাড়ী চুৰি আৰু হত্যাৰ লগতো জড়িত আছিল । মৃত মঞ্জিত বৰাৰ ঘৰ খুমটাই বৰাহী চংকলাত আৰু হত্যাকাৰী পল্লৱ বসুমতাৰীৰ ঘৰ নুমলীগড় তেলগৰমত ।