ETV Bharat / state

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

পৰ্যাপ্ত শিক্ষক,আন্তঃগাঁথনিৰ অভাৱত AITCE য়ে বাতিল কৰিছিল গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি ৷

author img

By

Published : May 15, 2019, 9:17 PM IST

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

গোলাঘাট, 15 মে': গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৷ চলিত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিৰ আবেদন AITCE য়ে বাতিল কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীক আশ্বাস প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয় বিধায়কজন ৷

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত বিধায়ক মৃণাল শইকীয়া

মহাবিদ্যালয়ত অধ্যয়নৰত ৯২ গৰাকী শিক্ষাৰ্থীক আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটো কোনো কাৰণতেই বন্ধ নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ AICTEয়ে 17 টা কাৰণ দৰ্শাই অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ স্বীকৃতি আবেদন বাতিল কৰা বিষয়টো প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰু শিক্ষাৰ্থীসকলৰ মাজত আলোচনা কৰে ৷ আনহাতে মহাবিদ্যালয়খনৰ বাতিল কৰা স্বীকৃতিক উঠাই লবলৈ আগন্তুক দুমাহৰ ভিতৰতে যাৱতীয় সকলো কাম কৰিবলৈ বিধায়কগৰাকীলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলে ৷

উল্লেখ্য যে,নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত যোৱা 5 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল অভিযান্ত্ৰিক মহাবিদ্যালয়খন। কিন্তু 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে' পৰ্যাপ্ত শিক্ষক, আন্তঃগাঁথনিৰ অভাৱত বাতিল কৰে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰখনৰ স্বীকৃতি ৷

Golaghat 15.05.2019
as_glt_mrinal saikia visit engineering college_vis_byte_7205572
as_glt_mrinal saikia visit engineering college_byte_student_7205572
O.C. : আজি গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। চলিত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিৰ আবেদন AITCE য়ে বাতিল কৰাৰ পাছত আজি বিধায়ক মৃণাল শইকীয়াই মহাবিদ্যালয়খনৰ ছাত্র ছাত্ৰী সকলক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে শীঘ্ৰে সকলো ব্যৱস্থা হব মহাবিদ্যালয় খনত। ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক মৃণাল শইকীয়াই।
V.O. : গভীৰ সংকটৰ সন্মুখীন হোৱা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ওচৰত আজি উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান মৰ্মে অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হৈ অধ্যয়ণৰত ৯২ গৰাকী শিক্ষাৰ্থীক আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটো কোনো কাৰণতেই বন্ধ নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিধায়ক গৰাকীয়ে AICTE য়ে 17 টা কাৰণ দৰ্শাই অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ স্বীকৃতি আবেদন বাতিল কৰা বিষয়টো প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু শিক্ষাৰ্থী সকলৰ মাজত আলোচনা কৰে। অভিযন্তা হবলৈ আহি তীব্ৰ সংকট আৰু শংকাৰ মাজত সোমাই পৰা শিক্ষাৰ্থী সকলে বিধায়ক গৰাকীক দুমাহৰ ভিতৰত প্ৰয়োজনীয় কাম সমূহ সমাপ্ত কৰিবলৈ আহ্বান জনায়। কাৰণ মাত্ৰ আৰু দুটা মাহৰ পাছতে প্ৰথম বৰ্ষৰ ছাত্র ছাত্ৰী সকল দ্বিতীয় বৰ্ষত অৱতীৰ্ণ হব। কিন্তু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে শিক্ষক বৰ্তমানলৈকে নাই। সেইয়ে অধ্যয়ণৰত ছাত্ৰ ছাত্ৰী সকল গভীৰ সংশয়ৰ মাজত সোমায় পৰিছে। বিধায়ক মৃণাল শইকীয়াই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শীঘ্ৰে সকলো সমস্যা মুখ্যমন্ত্ৰীক অৱগত কৰি সমাধান কৰিব বুলি শিক্ষাৰ্থী সকলক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে ছাত্ৰ ছাত্ৰী সকলক এই বিষয় লৈ আন্দোলন নকৰিবলৈ আহ্বান জনায়। আন্দোলনে কোনো সমস্যা সমাধান নকৰে বুলি পুণৰ স্পষ্ট কৰি দিয়ে বিধায়ক গৰাকীয়ে। লগতে মনৰ পৰা সকলো শংকা আঁতৰাই কেৱল অধ্যয়ণত মনোনিবেশ কৰিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়। 
Byte-- মৃণাল শইকীয়া , বিধায়ক।
V.O. : ইফালে ছাত্র ছাত্ৰী সকলৰ আহ্বান অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰক আৰু অনুষ্ঠানটি জীয়াই ৰাখিবলৈ চেষ্টা কৰক।
Byte_Student
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.