ETV Bharat / state

বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - এছিয়ান ডেভেলপমেন্ট বেংক

আগন্তুক বানৰ পূূৰ্বে ৰাজ্যৰ সকলো মথাউৰিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে জলসম্পদ বিভাগে আঁচনি গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ শেহতীয়া বানত বিধ্বস্ত হোৱা মৰিয়াহোলা-ধনশিৰিমুখৰ নিৰ্মীয়মান মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ শনিবাৰে বোকাখাতত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷

moriahola-dhanshirimukh-mathauri-inspection-by-minister-piyush-hazarika
বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পিয়ুজ হাজৰিকাৰ
author img

By

Published : Oct 30, 2021, 7:09 PM IST

বোকাখাত, ৩০ অক্টোবৰ : বোকাখাতৰ মৰিয়াহোলা-ধনশিৰিমুখৰ নিৰ্মীয়মান মথাউৰিটো শনিবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰে । মৰিয়াহোলা-ধনশিৰিমুখৰ মথাউৰিটো ১৯৫০ চনতেই নিৰ্মাণ কৰা হৈছিল ৷ এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যৰে ২০১৯ /২০ বিত্তীয় বৰ্ষত মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হৈছিল । কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ নৌহওঁতেই বিগত বৰ্ষৰ বানে মথাউৰিটোৰ কান্ধুলীমাৰি সংযোগী ৰজাগাঁৱৰ মাজত পাঁচটাকৈ স্থান চিঙি পেলাইছিল ।

বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ পাচতেই মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে পুঁজিৰ আৱন্টন জনায় ৷ মন্ত্ৰী হাজৰিকাই লগতে আগন্তুক বৰ্ষৰ বানৰ পূৰ্বে মথাউৰিটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ সেইমৰ্মে শনিবাৰে মথাউৰিটোৰ নিৰ্মাণৰ কামৰ বুজ লয় মন্ত্ৰী হাজৰিকাই ৷ তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষাৰ বাবে মথাউৰিটোৰ বাকী থকা কামৰো প্ৰাককলন প্ৰস্তুত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : বাগানপাৰাত বজাৰৰ নিবিদা দিয়াৰ নামত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.