গোলাঘাট,5 এপ্ৰিল: অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ কৰে বিধায়ক মৃণাল শইকীয়াই ৷ সোমবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা ভট্টাচাৰ্যই শেষ নিশ্বাস ত্যাগ কৰে ৷ একালৰ প্ৰাক্তন আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু স্বাভাৱিকতে ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰখনত এক বুজাব নোৱাৰা ক্ষতি ৷
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্যই কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল। আনকি অসম আন্দোলনৰ সময়ত অসম আৰক্ষীৰ উচ্চ পদ ত্যাগ কৰা বিষয়া গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই কয় যে, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি।
লগতে পঢ়ক: বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া শশী কুমাৰ ডেকাক নিলম্বন