ETV Bharat / state

বানপৰিস্থিত পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰীয়েঃ অজন্তা নেওগ - mla ajanta neog criticised state and central government

সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাটো কংগ্ৰেছে পালন কৰা প্ৰতাৰণা দিৱসত উপস্থিত থাকে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ ৷ অসমৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা বিধায়িকা গৰাকীৰ ৷

congress protest against fake promises of government
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়িকা অজন্তা নেওগৰ
author img

By

Published : Aug 3, 2020, 4:48 PM IST

গোলাঘাট , 3 আগষ্টঃ বিজেপি চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন নকৰাৰ প্ৰতিবাদত কংগ্ৰেছে ৰাজ্যজুৰি পালন কৰিলে প্ৰতাৰণা দিৱস ৷ গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ত পালন কৰা প্ৰতাৰণা দিৱসত কংগ্ৰেছ কৰ্মী সকলৰ লগত অংশগ্ৰহণ কৰে বিধায়িকা অজন্তা নেওগে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু গোলাঘাট জিলা কংগ্ৰেছ সমিতি আৰু ব্লক কংগ্ৰেছৰ সহযোগত পালন কৰা এই প্ৰতাৰণা দিৱসৰ প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হুচিয়াৰ, অসমৰ সমস্যা নিমূল কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মী সকলে ৷

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়িকা অজন্তা নেওগৰ

বিধায়িকা অজন্তা নেওগে প্ৰতিবাদস্থলীৰ পৰাই বিজেপি চৰকাৰে ইস্তাহাৰত ঘোষণা কৰা কোনো এটা বিষয় বাস্তৱত ৰূপায়ণ নকৰাৰ অভিযোগ উত্থাপিত কৰি কয় যে, সৰ্বানন্দ সোণোৱালে ভৰ বাৰিষাত কেৱল বানপৰিস্থিতি পৰিভ্ৰমণ কৰিয়েই নিজৰ দায়িত্ব সামৰিছে ৷ সকলো ঠাইতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰতিশ্ৰুতি সমৃহ কেৱল প্ৰতিশ্ৰুতি হৈয়েই বাকী ৰৈছে, বানৰ সমস্যা সমাধান হোৱাৰ ছবি কোনো প্ৰান্ততেই পৰিষ্ফুত হোৱা নাই ৷ ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতি আজিপৰ্যন্ত সম্পূৰ্ণ নহ'ল ৷ কেৱল ৰাজ্য চৰকাৰকেই নহয়, সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰকো তীব্ৰ সমালোচনা কৰে বিধায়িকা গৰাকীয়ে ৷ অসমৰ সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 400 কোটি টকাৰ পেকেজৰ বৰ্তমান স্থিতি কি বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়িকা অজন্তা নেওগে ৷

লগতে পঢ়কঃ কণী উৎপাদনেৰেও হ'ব পাৰে স্বাৱলম্বী: শিল্পী মানস ৰবীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.