গোলাঘাট, ৫ ছেপ্টেম্বৰ : পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল অসমৰ নাম ৷ বোম্বা ৰাইড নামৰ মিচিং কথাছবিখনে লাভ কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ৷ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ লগতে কাঁ চলচ্চিত্ৰ মহোৎসৱত (Cannes 2022) প্ৰদৰ্শিত হৈছে উক্ত কথাছবিখন ৷
দেশে-বিদেশে সমাদৃত হোৱা ছবিখনৰ শিশু অভিনেতা ইন্দ্ৰজিৎ পেগুৱে নিউইয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ শিশু অভিনেতাৰ বাবেও মনোনিত হয় । মঙলবাৰে গোলাঘাট পৌৰসভাৰ সভাকক্ষত আয়োজিত হোৱা এক সংবাদমেলত এই কথা সদৰী কৰে কথাছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ৷
উল্লেখ্য যে, উক্ত মিচিং কথাছবিখনৰ (Mising feature film Boomba Ride) প্ৰায় নব্বৈ শতাংশ দৃশ্যগ্ৰহণ সম্পন্ন হৈছে গোলাঘাটৰ দেৰগাঁৱত ৷
লগতে পঢ়ক : Suruj Theatre নৱ ৰূপত পূৰ্ণোদ্যমে সাজু হৈ উঠিছে সুৰুজ থিয়েটাৰ
১৬ ছেপ্টেম্বৰত অসমৰ ২৫ টা ছবিগৃহত চিনেমাখনে শুভমুক্তি লাভ কৰিব (Boomba Ride to release on September 16) ৷ এই কথা সদৰী কৰে কথাছবিখনৰ পৰিচালকগৰাকীয়ে ৷ লগতে এই সংবাদমেলতে তেওঁ উত্তৰ পশ্চিম যোৰহাটৰ জনজাতীয় অঞ্চল বৰমুকলি আৰু গোলাঘাট জিলাৰ বকুলি চাপৰিৰ দৰে ভিতৰুৱা অঞ্চল দুটাত কথাছবিখনৰ চিত্ৰগ্ৰহণৰ বিভিন্ন অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰে ৷ লগতে সকলোকে চিনেমাখন চাবলৈ আহ্বান জনাই কথাছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ৷
মঙলবাৰে প্ৰবীন দাসে আঁত ধৰা উক্ত সংবাদমেলখনত উপস্থিত থাকে পৰিচালক বিশ্বজিৎ বৰা, প্ৰযোজকদ্বয় বিনোদ লাল দাস, লুইত কুমাৰ বৰ্মন, কাৰ্যবাহী প্ৰযোজক অসীম কুমাৰ শইকীয়া, প্ৰযোজনা নিয়ন্ত্ৰক কুমুদ বৰা, বোম্বা ৰাইডৰ মূল চৰিত্ৰত অভিনয় কৰা ইন্দ্ৰজিৎ পেগু, অভিনেতা হিৰন্য কুমাৰ পেগু, সদাগৰ দাও আৰু অন্যান্য কলা-কুশলীসকল ৷
লগতে পঢ়ক : হায়দৰাবাদত গণপতি বিসৰ্জনত কন্যাৰে সৈতে আল্লু অৰ্জুন