ETV Bharat / state

বহিঃৰাজ্যৰ আত্মীয়ক প্ৰাণে মৰাৰ ভাবুকি দি পৰিয়াললৈ দুৰ্বিত্তৰ ফোনকল

author img

By

Published : Jul 2, 2021, 8:16 PM IST

আংশিক লকডাউনৰ মাজতেই গোলাঘাটৰ এটা অঞ্চলত লাগিছে হুৱাদুৱা । এটা ফোনকল যোগে আহিছে সুদুৰ বাংগালোৰত থকা আত্মীয়ক প্ৰাণে মৰাৰ ভাবুকি । ৪৬ হাজাৰ টকাত বন্দী হৈ আছে দহজন যুৱকৰ প্ৰাণ ।

miscreants-threatening-relatives-of-youth-in-banglore-over-phone-for-money
বহি:ৰাজ্যৰ আত্মীয়ক প্ৰাণে মৰাৰ ভাবুকি দি পৰিয়াললৈ দূৰ্বিত্তৰ ফোনকল

গোলাঘাট , 2 জুলাই : হঠাৎ অহা এটা ফোনকল ৷ ফোলকলটো ৰিচিভ কৰাৰ লগে লগেই হিন্দী ভাষাত ভাবুকি আহিল টকা দিয়ক, নহ'লে আত্মীয়ক মাৰি পেলাম । প্ৰত্যুত্তৰত কিছু সময় বিচাৰি কাতৰ আহ্বান । এই ঘটনাস্থান সুদুৰ বাংগালোৰ(Banglore) ।

উল্লেখ্য যে, গোলাঘাটৰ হিন্দী হাইস্কুল ৰ'ড(Golaghat Hindi high school road)ৰ নিৱাসী দহ নিবনুৱা যুৱকক বিগত ২৫ এপ্ৰিল তাৰিখে ৰাজু হুছেইন নামৰ এজন লোকৰৰ নেতৃত্বত লৈ যোৱা হৈছিল বাংগালোৰলৈ । লকডাউন(lockdown)ৰ কবলত পৰি কাম হেৰুওৱা আৰ্থিকভাৱে দুৰ্বল যুৱক কেইজনক সংস্থাপনৰ নামত লৈ যোৱা হৈছিল চহৰখনলৈ ৷ কিন্তু , যুৱক কেইজনে অসম এৰা প্ৰায় এটা সপ্তাহ ওকলাৰ পিছতো তেওঁলোকক ক’ত কেনেকৈ সংস্থাপিত কৰা হ'ল, তাৰ কোনো সঠিক খবৰ নাহিল ।

বাংগালোৰত থকা আত্মীয়ক প্ৰাণে মৰাৰ ভাবুকি দি দূৰ্বিত্তৰ ফোনকল পৰিয়াললৈ

জানিব পৰা মতে, শুকুৰবাৰে নিশা হঠাৎ এটা ফোনকলত ৰাজু হুছেইন , স্বপ্না ৰবিদাস আৰু বিক্ৰম ৰবিদাস নামৰ লোক কেইগৰাকীৰ প্ৰতিগৰাকীৰ জীৱনৰ নামত ১০ হাজাৰকৈ টকা পঠিয়াওৱাৰ দাবী জনোৱা হৈছিল ৷ এই সকলৰ জীৱনৰ বিনিময়ত উক্ত ধন খিনি প্ৰেৰণ নকৰিলে বাংগালোৰৰ কোনো লোকে তেওঁলোকক হত্যা কৰিব বুলিও ভাবুকি দিয়া হৈছিল ফোনকলটো যোগে।

ফোনকলটো অহাৰ পিছতেই হৈ-চৈ লাগিল গোলাঘাটৰ হিন্দী হাইস্কুল স্থিত যুৱককেইজনৰ আত্মীয়ৰ মাজত । অন্যহাতে, স্থানীয় ৰাইজৰ একাংশই সন্দেহ প্ৰকাশ কৰিছে যে, ফোন কৰা হিন্দী স্কুলৰ নিৱাসী প্ৰদীপ ৰবিদাসৰ খুলশালী স্বপ্না ৰবিদাস আৰু বিক্ৰম ৰবী দাসে ৰাজু হুছেইনৰ লগত লগ হৈ এইদৰে টকা ঘটাৰ বুদ্ধি পাঙিছে ৷ এই ঘটনা সন্দৰ্ভত গোলাঘাট থানা(Golaghat police station)ত এটা গোচৰ তৰা হৈছে ৷

কিন্তু, এতিয়ালৈকে লোক কেইগৰাকীৰ অৱস্থিতি সন্দৰ্ভত সুদোত্তৰ পোৱা নাই পৰিয়ালৰ লোকে ৷ জানিব পৰা মতে, পৰিয়ালৰ লোকে ইতিমধ্যে অজ্ঞাত দুৰ্বিত্তৰ একাউন্টত ১০ হাজাৰ টকা প্ৰেৰণ কৰিও পোৱা নাই কোনো ফলাফল । মাথো 9394234734 নম্বৰেৰে পঠিয়াই দিয়া হৈছে প্ৰৰোচকৰ একাউণ্ট নম্বৰ(bank account number of miscreant) ৷ ইকাবাল হুছেইন নামৰ কোনো অজ্ঞাত লোকৰ একাউণ্টত দিয়ক ৪৬ হাজাৰ টকা প্ৰেৰণ নিৰ্দেশ দিয়া নম্বৰটোৰ সম্পৰ্কে আৰক্ষীৰ অনুসন্ধানত হে স্পষ্ট হ'ব সমগ্ৰ বিষয় ৷

লগতে পঢ়ক : সংসদৰ কাষত শ্ল'গান দি আটক পাঁচ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.