ETV Bharat / state

কলিয়াবৰ সমষ্টি বিজেপিৰ বাবে কঠিন আসন : হিমন্ত বিশ্ব শৰ্মা

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গোলাঘাট যোগীবাৰীস্থিত বাসগৃহত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক

গোলাঘাটত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক
author img

By

Published : Mar 29, 2019, 10:52 AM IST

গোলাঘাট, 29 মাৰ্চ : গোলাঘাটত বৃহস্পতিবাৰে নিশা হঠাৎ মন্ত্ৰী খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গোলাঘাটৰ বাসগৃহত বিজেপিৰ দলীয় বৈঠক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিজেপিৰ বহু কেইগৰাকী নেতা আৰু দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক। অগপৰ সৈতে বিজেপিৰ মিত্ৰতাৰ লগতে সমষ্টিটোৰ পৰা মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে সৰৱ হৈ পৰিছিল তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকল ৷

গোলাঘাটত বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক
যাৰ পৰিপেক্ষিততে বিজেপিৰ তৃণমূল কৰ্মীসকলক বুজনি দিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এই দলীয় বৈঠকৰ ৷ ইপিনে এই বৈঠকতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায় মন্ত্ৰী হিমন্তই ৷ আনহাতে উক্ত বৈঠকত অংশগ্ৰহণ কৰি কলিয়াবৰ লোকসভা সমষ্টি বিজেপিৰ বাবে এক কঠিন আসন বুলি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে স্বীকাৰসমষ্টিটোত যুঁজ চলাই যোৱাৰ কথা সাংবাদিকৰ আগতউল্লেখ কৰে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰাক্ক্ষণত এনেদৰে নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে অসমৰ বিজেপি নেতাসকল ।

Intro:দম্ভালি মৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰ সলনি। অসমত বিজেপিয়ে ১২ খন আসন লাভ কৰিব বুলি কোৱা কথাৰ পাভ লুটি হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ ৯খন আসন লাভ কৰাৰ কথা কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। অসমত কিমান আসন লাভ কৰিব বুলি সাংবাদিকে সুধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। কলিয়াবৰ লোকসভা বিজেপিৰ বাবে কঠিন আসন কলে মন্ত্ৰী গৰাকীয়ে। গোলাঘাটত বৃহস্পতিবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, মৃণাল শইকীয়া, অমিয় বৰা আদি নেতা কৰ্মীৰ দলীয় বৈঠক। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ গোলাঘাট যোগীবাৰী স্থিত ঘৰত উপস্থিত হয় অসমৰ বহু কেইজন বিজেপিৰ নেতা কৰ্মী। বিধায়ক গৰাকীৰ ঘৰতে আয়োজন কৰা হয় এক দলীয় সভা।

Body:গোলাঘাটত হঠাৎ উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইজন বিজেপিৰ নেতা কৰ্মীৰ দলীয় বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰাকক্ষণত বিশেষ ভাৱে ব্যস্ত হৈ পৰিছে অসমৰ বিজেপি নেতা সকল। ইয়াৰ উপৰিও মিত্ৰতাক লৈ অসন্তুষ্ট হৈ থকা বিজেপি কৰ্মী সকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে বুজনি দিবলৈ আয়োজন কৰা হয় এই দলীয় বৈঠক। বিজেপি তৃণমূল পৰ্যায়ত মিত্ৰতাক লৈ সৰৱ হৈ আছিল দলীয় কৰ্মী সকল। যিহেতু পূৰ্বৰ লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কোনোধৰণৰ মিত্ৰতা নকৰি নিৰ্বাচন খেলিছিল। এইবাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী মণিমাধৱ মহন্তয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতেই অসন্তুষ্ট হৈ আছিল বিজপি তৃণমূল পৰ্যায়ৰ কৰ্মী সকল। যাৰবাবে মৃণাল শইকীয়াৰ নিজা গৃহত দলীয় কৰ্মীক উদ্দেশী এখনি সভাত অংশগ্রহণ কৰে হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে। হিমন্ত বিশ্ব শৰ্মায়ে গোপন দলীয় বৈঠকত দলীয় কৰ্মীক কয় বিজেপিৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বনোৱা, ইয়াৰ বিপৰীতে অগপয়ে বিজেপিৰ বোকোচাত উঠি মাত্ৰ তিনিটা সমষ্টি দখলৰ চেষ্টা কৰিছে। অগপৰ একাংশ কৰ্মীয়ে মণিমাধৱ মহন্তক সহযোগিতা প্ৰদান নকৰে, বিজেপি কৰ্মী সকলক মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৈঠকত অৱগত কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ আজমলৰ গোপন মিত্ৰতা জাতিটোৰ বাবে বেয়া বাৰ্তা কঢ়িয়াই আনিছে বুলি কৈ কয় তৰুণ গগৈয়ে সঘনাই কৈই থকা who is ajmol এতিয়া উঠাই লৈছে। কলিয়াবৰ সমষ্টি বিজেপি অগপৰ বাবে কঠিন যদিও এইবাৰ মিত্ৰজোঁটে জয়লাভ কৰিব বুলি মত প্ৰকাশ কৰে। আনহাতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উজনি অসমতকৈ নামনি অসম অধিক ভয়াবহ বুলি জনাই। উজনি অসমত বসবাস কৰা মানুহে নামনি অসমৰ সমস্যা কিমান জটিল বুজি নাপায়। কংগ্ৰেছ আৰু অগপৰ মিত্ৰতায়ে বিজেপি দলক ক্ষতি কৰাৰ পূৰ্বে সংকট নমাই আনিছে অসমীয়া জাতিৰ প্ৰতি। নামনি অসমত অবৈধ ভাৱে বাংলাদেশীয়ে ভূমি দখল কৰি পৰিস্থিতি ভয়াৱহ কৰি তুলিছে। কংগ্ৰেছ আৰু অগপৰ মিত্ৰতায়ে নামনি অসমৰ জটিল সমস্যা উজনি অসমলৈ স্থান্তৰ কৰিব, ইয়াকে ৰোধিবলৈহে বিজেপিয়ে চেষ্টা কৰিছে।

Conclusion:Byte 1: হিমন্ত বিশ্ব শৰ্মা।
Byte 2: চন্দ্ৰ মোহন পাটোৱাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.