ETV Bharat / state

পকা আঙঠাৰ মাজেৰে খোজ দিলে অতুল বৰাই

অগ্নিপথত মন্ত্ৰী অতুল বৰা ৷ জ্বলন্ত অগ্নি-পিণ্ডত খোজ অতুল বৰাৰ ৷ নিজ গৃহ সমষ্টিতে এইবাৰ অতুল বৰাৰ অন্য এক ষ্টান্ট ৷

author img

By

Published : Oct 24, 2021, 10:06 PM IST

minister-atul-borah-walking-through-fire
অগ্নিপথত মন্ত্ৰী অতুল বৰা !

মৰাণ, 24 অক্টোবৰ : অনন্য অসমৰ ৰাজনীতি, অনন্য অসমৰ ৰাজনৈতিক নেতা ৷ সততে নিজৰ কৰ্মকাণ্ডৰে চৰ্চাত থকা ৰাজ্যখনৰ এনে এগৰাকী ৰাজনৈতিক নেতা হৈছে মন্ত্ৰী অতুল বৰা ৷ কেতিয়াবা যদি, নিজৰ স্থিতিৰ বাবে মন্ত্ৰী গৰাকী সমালোচিত হৈছে, আন কেতিয়াবা আকৌ তেওঁৰ কৰ্মকাণ্ডই আমোদ দিছে ৰাজ্যবাসীক ৷ এদিন যদি এগৰাকী যোগাসনকাৰীৰ ৰূপত দেখা গৈছে আন কেতিয়াবা আকৌ সমষ্টিবাসীৰ মাজত নাচি-বাগি ৰং-ৰহইচ কৰাও দেখা গৈছে অতুল বৰাক ৷

অগ্নিপথত মন্ত্ৰী অতুল বৰা !

এইবাৰ অতুল বৰা হ’ল অগ্নিপথৰ যাত্ৰী ৷ হয়, ঠিকেই শুনিছে আপুনি, জ্বলি থকা অগ্নিপিণ্ডৰ ওপৰেদি খোজ কাঢ়িছে অতুল বৰাই ৷ উল্লেখযোগ্য যে, অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ডিফলু বাগিছাৰ ওড়িয়া লোকসকলে এটা শতিকা যুৰি পালন কৰি আহিছে বন পূজা ৷ এই পূজা ভাগত মন্ত্ৰী গৰাকীক পাই সুখী হৈ পৰিল সমষ্টিবাসী ৷ বন পূজাৰ পৰম্পৰা অনুসৰি গৰম আঙঠাৰ ওপৰেদি খোজ দিলে অতুল বৰাই ৷

মুঠৰ ওপৰত এইদৰে এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতা সকলৰ কৰ্ম-কাণ্ডই বেছ আমোদ দিছে ৰাজ্যবাসীক ৷ জন প্ৰতিনিধিৰ সৈতে একেলগে ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ পাই আনন্দিত হৈছে সমষ্টিবাসী ৷

লগতে পঢ়ক : ICC Men's T20 World Cup : টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.