গোলাঘাট,22 মেঃ গোলাঘাটত নাগালেণ্ডৰ পৰা খোজ কাঢ়ি অহা পাঁচজন শ্ৰমিকক গাঁৱৰ ৰাইজে কৰিলে আৱদ্ধ । নাগালেণ্ডৰ মোকোকচুঙৰ পৰা ৰে'ল লাইনেৰে কাৰ্বি আংলংঙৰ হামৰেণৰ নিজা ঘৰলৈ খোজকাঢ়ি আহিছিল শ্ৰমিক কেইজন । নাগালেণ্ডৰ মোকোকচুঙত বাঁহ-বেতৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে শ্ৰমিকসকলে ।
![Migrant Labour confined by Golaghat people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7299277_g.jpg)
লক ডাউনৰ সময়ছোৱাত নাগালেণ্ডত আৱদ্ধ হৈ পৰিছিল শ্ৰমিক কেইজন । নিজা ঘৰখনলৈ ওভতি আহিবলৈ নাগালেণ্ড প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও কোনো সুফল লাভ নোপোৱাত অৱশেষত উপায়ন্তৰ হৈ ৰে'ল পথেৰে খোজ কাঢ়িয়েই যাত্ৰা আৰম্ভ কৰে শ্ৰমিকসকলে । আৱদ্ধ হোৱা আটাইকেইজন শ্ৰমিকৰ ঘৰ কাৰ্বি আংলং জিলাৰ হামৰেণত । গোলাঘাটৰ ৰাইদিঙীয়া তিনিআলিত শ্ৰমিকসকলক প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে আৱদ্ধ কৰি খবৰ দিয়ে প্ৰশাসনক । অনাহাৰে থকা শ্ৰমিক সকলক খোৱা খাদ্যৰ যোগান ধৰি ৰাইজে গোলাঘাট প্ৰশাসনক চমজাই দিয়ে ।
লগতে পঢ়ক- ৯ ঘণ্টা পলমকৈ মৰিয়নী জংচনত উপস্থিত শ্ৰমিক ৰে'ল সেৱা