ETV Bharat / state

কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি গোলাঘাটত আছুৰ প্ৰতিবাদ - আন্দোলন

কৃষি বিধেয়কৰ বিৰোধিতাৰে গোলাঘাটত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Massive protest By AASU Againts Agriculture Bill 2020 In Goalghat
কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি গোলাঘাটত আছুৰ প্ৰতিবাদ
author img

By

Published : Sep 25, 2020, 3:05 PM IST

গোলাঘাট, 25 ছেপ্তেম্বৰ : বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ কৃষকৰ অধিকাৰ নস্যাৎ কৰিব বিচৰা বিধেয়কখনক সকলোৱে বাতিল কৰাৰ দাবী জনাইছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিধেয়কখনক বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷ অসমৰ বিভিন্ন প্ৰান্তত বিধেয়কখন বিৰোধিতা কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ আৰু কৃষক শ্ৰেণীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি গোলাঘাটত আছুৰ প্ৰতিবাদ

শুকুৰবাৰে পুনৰ গোলাঘাট জিলাত সদৌ অসম ছাত্ৰ সন্থাই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাই বেজবৰুৱা পইন্টত কৃষি বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গানেৰে হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে অনতিপলমে বিধেয়কখন বাতিলৰ দাবী জনাইছে অন্যথা আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.