ETV Bharat / state

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 10টা বাসগৃহ - অগ্নিকাণ্ড

গোলাঘাটত সংঘটিত হৈছে এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 10 টাৰো অধিক ঘৰ ভস্মীভূত হোৱাৰ লগতে জাহ যায় লক্ষাধিক মূল্যৰ সা-সম্পত্তি ।

Massive fire at golaghat assam etv bharat news
ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Aug 25, 2020, 7:20 PM IST

গোলাঘাট,25 আগষ্ট: গোলাঘাটত মঙলবাৰে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ প্ৰাপ্ত তথ্য অনুসৰি, গোলাঘাট নগৰৰ 5নং ৱাৰ্ডৰ অন্তৰ্গত শ্ৰীমন্ত নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 10 টাৰো অধিক ঘৰ ভস্মীভূত হোৱাৰ লগতে জাহ যায় লক্ষাধিক মূল্যৰ সা-সম্পত্তি ।

ভয়াৱহ অগ্নিকাণ্ড

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও সংকীৰ্ণ পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয় অগ্নি নিৰ্বাপক বাহিনী । উক্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷ বিশেষকৈ অঞ্চলটোত বসবাস কৰা লোকসকলে পথলৈকে বাসগৃহৰ সীমাৰ দেৱাল নিৰ্মাণ কৰা বাবে পথটোৰে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমোবাত যথেষ্ঠ বাধাৰ সন্মুখীন হয় ৷

লগতে চাওকঃ বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.