ETV Bharat / state

পুত্ৰকো সেনাবাহিনীত যোগদান কৰোৱাৰ সপোন দেখিছিল শ্বহীদ পদম বাহাদুৰে - assam jawan death at pok

নিজ কন্যাক এয়াৰহোষ্টেছ নাইবা হোটেল মেনেজমেন্ট পঢ়োৱাৰ হাবিয়াস আছিল বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ লগতে নিজ পুত্ৰ সাহিল শ্ৰেষ্ঠকো গোৱালপাৰাস্থিত সৈনিক স্কুলত নাম ভৰ্তি কৰাই নিজ পথৰে পথিক কৰাৰ সপোন পুহি ৰাখিছিল বীৰ শ্বহীদ গৰাকীয়ে ৷

বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ অপূৰ্ণ সপোন
author img

By

Published : Oct 22, 2019, 1:15 PM IST

Updated : Oct 22, 2019, 7:16 PM IST

সৰুপথাৰ, 22 অক্টোবৰঃ পাকিস্তান অধীকৃত কাশ্মীৰত পাকিস্তানী সেনাৰ হাতত মৃত্যুবৰণ কৰা ৩৯ নং গোৰ্খা ৰেজিমেন্টৰ হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠৰ সপোনটিৰ কথা ব্যক্ত কৰিলে কন্যা মঞ্জু শ্ৰেষ্ঠই ৷ নিজ কন্যাক এয়াৰহোষ্টেছ নাইবা হোটেল মেনেজমেন্ট পঢ়োৱাৰ হাবিয়াস আছিল বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ লগতে নিজ পুত্ৰ সাহিল শ্ৰেষ্ঠকো গোৱালপাৰাস্থিত সৈনিক স্কুলত নাম ভৰ্তি কৰাই নিজ পথৰে পথিক কৰাৰ সপোন পুহি ৰাখিছিল বীৰ শ্বহীদ গৰাকীয়ে ৷ কিন্তু নিজ পুত্ৰ কন্যাৰ উচ্চ শিক্ষাক লৈ দেখা সপোনে পূৰ্ণতা নাপাওঁতেই দেশ মাতৃৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিলে বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠই ৷

বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ অপূৰ্ণ সপোন

আজি দিনৰ ১২: ৫৫ বজাত বিশেষ বিমানেৰে ডিমাপুৰলৈ অনা হ’ব অসম মাতৃৰ বীৰ সন্তান পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহ ৷ তাৰ পিছতে বৰপথাৰ নগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি বিয়লি ৪ বজাত নিজা বসগৃহ পাবহি বীৰ জোৱান জনৰ নশ্বৰ দেহ ৷ সমান্তৰালভাৱে তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰা বৰপথাৰ আদৰ্শ হিন্দী হাইস্কুলতো জ্ঞাপন কৰা হ'ব শ্ৰদ্ধাঞ্জলি ৷ তাৰ পিছতে ২১ টা টুপ ধ্বনিৰে সম্পূৰ্ণ সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ শেষকৃত্য ৷

Intro:বীৰ স্বহীদ পদম ৱাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহ ১২: ৫৫ বজাত ডিমাপুৰত বিশেষ বিমানেৰে বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পিছতে বৰপথাৰ নগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব আৰু বয়লি ৪ বজাত নিজা বসগৃহ পাবহি বুলি জানিব পৰা গৈছে ।Body:স্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠ ই নিজ কন্যাক এয়াৰহোষ্টেছ নাইবা হোটেল মেনেজমেন্ট পঢ়োৱাৰ সপোন দেখিছিল এই কথা কন্যা মঞ্জু শ্ৰেষ্ঠই জানিবলৈ দিয়ে । ইফালে ডাঙৰ পুত্ৰ সাহিল শ্ৰেষ্ঠক গোৱালপাৰাস্থিত সৈনিক স্কুলত নাম ভৰ্তি কৰাই তেওঁকো নিজ পথৰে পথিক হোৱাৰ সপোন পুহি ৰাখিছিল এই কথাও পুত্ৰই আমাক জানিবলৈ দিয়ে Conclusion:Byte :- স্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ জী
Byte :- স্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ প্ৰথম পুত্ৰ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Oct 22, 2019, 7:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.