ETV Bharat / state

নুমলীগড়ৰ ধাননি পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ

author img

By

Published : Sep 21, 2020, 5:30 PM IST

বন্যহস্তীয়ে খাই তহিলং কৰিছে গোলাঘাটৰ নুমলীগড়ৰ পোৰাবাংলাৰ পথাৰৰ খেতিৰ ফচল ৷ নিৰুপায় হৈ কৃষকে চাই ৰ'বলগীয়া হৈছে চকুৰ সন্মুখতে নষ্ট হোৱা খেতি ৷

বন্যহস্তীৰ মুক্ত বিচৰণ
বন্যহস্তীৰ মুক্ত বিচৰণ

গোলাঘাট, 21 চেপ্তেম্বৰ: গোলাঘাটৰ নুমলীগড়ত অব্যাহত হাতী-মানুহৰ সংঘাত ৷ এটা বৃহৎ হাতীৰ জাকে মুক্ত বিচৰণ কৰিছে গোলাঘাট জিলাৰ পোৰাবাংলাৰ এখন পথাৰত ৷ বন্যহস্তীয়ে খাই তহিলং কৰিছে লহপহকৈ বাঢ়ি অহা সেউজী ধাননি ৷ কৃষকৰ চকুৰ সন্মুখতে নষ্ট হৈছে বিঘাই বিঘাই কৃষি ভূমি ৷

পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ
পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, তেওঁলোকে এই বিষয়ে বন বিভাগক অৱগত কৰিছে যদিও, হাতী খেদিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষই ৷ বিভাগীয় কৰ্তৃপক্ষলৈ আশা নকৰি স্থানীয় ৰাইজে নিজেই হাতী খেদিবলৈ উদ্যত হয় ৷ পেপা আদি বজাই ৰাইজে হাতী খেদিবলৈ আপ্ৰাণ চেষ্টা কৰিছে যদিও, খঙাল হাতীয়ে উভতি খেদি আহে তেওঁলোকক ৷ যিকোনো মুহূৰ্ততে অঞ্চলটোত ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

নুমলীগড়ৰ ধাননি পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ

লগতে পঢ়ক: হোজাইত হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.