ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ - বন্যহস্তী

মৰঙিৰ বগীঢলা মুগা পামত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰিছে স্থানীয় ৰাইজক ৷ এটা বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ গাঁৱৰ মাজত সোমাই পৰাত বিপাঙত পৰিছে ৰাইজ ৷

বন্যহস্তীৰ মুক্ত বিচৰণ
বন্যহস্তীৰ মুক্ত বিচৰণ
author img

By

Published : Sep 19, 2020, 4:30 PM IST

গোলাঘাট, 19 চেপ্তেম্বৰ: গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ ৷ মুক্তভাৱে বিচৰণ কৰা বন্যহস্তীয়ে ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰিছে নুমলীগড়ৰ অন্তৰ্গত মৰঙিৰ বগীঢলা মুগা পামত ৷ নিশাটো বাদেই দিনৰ ভাগতো বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে বৃহত্তৰ অঞ্চলটোত ৷

নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰ

উল্লেখ্য যে, এটা বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ গাঁৱৰ মাজত সোমাই পৰাত বিপাঙত পৰিছে স্থানীয় ৰাইজ ৷ বছৰ বছৰ ধৰি অঞ্চলটোত হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও, সেই দীৰ্ঘদিনীয়া সমস্যা বৰ্তমানলৈয়ো সমাধান হোৱা নাই ৷ হাতীৰ বাবে বহু লোকে খেতি কৰিবলৈয়ো বাদ দিছে অঞ্চলটোত ৷ তেওঁলোকে উল্লেখ কৰা অনুসৰি, খেতি কৰিলেও সেই খেতিয়ে সঁজাল ৰূপ লোৱাৰ পূৰ্বেই ধ্বংস কৰে বন্যহস্তীয়ে ৷ অঞ্চলটোত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে ৷ শংকিত ৰাইজে তেওঁলোকৰ সমস্যা সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে যদিও, বৰ্তমালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: পৰিৱৰ্তনৰ ঢৌৱে চুব পৰা নাই দুৰ্ভগীয়া টেম্পুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.