গোলাঘাট,12 জুন: গোলাঘাট নুমলীগড়ত অইল ইণ্ডিয়া লিমিটেডে নুমলী কুঁৱৰী গড় আৰু হস্তী দণ্ডী ধ্বংস কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। বুধবাৰে ক্ষেত্ৰ পৰিদৰ্শন কৰি অইলৰ এই কাৰ্যক বন্ধ কৰাৰ হুংকাৰ দিয়ে লুৰিণজ্যোতি গগৈয়ে। ছাত্ৰ নেতা জনৰ অভিযোগ, কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰীৰ গড় অইল ইণ্ডিয়া কৰ্তৃপক্ষই বুলড'জাৰ লগাই খান্দি ধংশ কৰিছে। লগতে পৰিৱেশ বিনষ্ট কৰিব পৰা বিভিন্ন কাম কৰিবলৈ অইল ইণ্ডিয়া উঠি পৰি লাগিছে ৷
উল্লেখ্য যে, অইল ইণ্ডিয়াই নুমলী কুঁৱৰী গড়টো দ্বিখণ্ডিত কৰি আগ বঢ়াইছে পাইপলাইন ৷ অইল ইণ্ডিয়া লিমিটেডে নুমলী কুঁৱৰীয়ে তৈয়াৰ কৰা গড় ধংশ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । অন্যথা অনাগত সময়ত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷
লগতে পঢ়কঃ গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ