ETV Bharat / state

নাহৰফুটুকীৰ ৰম্যভূমিলৈ পৰিণত গোলাঘাটৰ এটা জনাঞ্চল

author img

By

Published : Apr 3, 2022, 12:54 PM IST

দেওবাৰে পুৱা গোলাঘাটত পুনৰবাৰ পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী(Leopard caged at Golaghat) ৷ অঞ্চলটোত আৰু প্ৰায় 7 টা নাহৰফুটুকী থকাৰ সন্দেহ প্ৰকাশ স্থানীয় লোক আৰু বন বিভাগৰ । অঞ্চলটোৰ বহু পশুধনক চিকাৰ হিচাপে বাছি লৈছে নাহৰফুটুকীটোৱে ৷

Leopard creating havoc in Golaghat
নাহৰফুটুকীৰ ৰম্যভূমিলৈ পৰিণত গোলাঘাটৰ এটা জনাঞ্চল

গোলাঘাট, 3 এপ্ৰিল : গোলাঘাটৰ বেতিয়নীৰ কাকতিগাঁও, নৰাগাঁও, কৃষ্ণগাঁও আদি এলেকা জনসাধাৰণৰ বাসস্থানৰ বাবে আছিল এটা নিৰ্ভীক স্থান । বৰ্তমান অঞ্চলকেইটাত দিনৰ দিনতো নিৰ্ভয়ে ঘূৰি ফুৰাটো সকলোৰে বাবে বিপদৰূপে পৰিচিত হৈছে । কাৰণ উক্ত অঞ্চলকেইটা বৰ্তমান নাহৰফুটুকীৰ বিচৰণথলী হৈ পৰিছে ৷

কি দিন, কি ৰাতি, এতিয়া অঞ্চলটোত নাহৰফুটুকীয়ে মুক্তভাৱে বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । নাহৰফুটুকীৰ আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে প্ৰতিগৰাকী লোকে(Leopard creating havoc in Golaghat) ৷ দেওবাৰে অঞ্চলটোত পিঞ্জৰাৱদ্ধ কৰা হৈছে এটা নাহৰফুটুকী । বৰ্তমানলৈকে উক্ত অঞ্চলটোৰ পৰা প্ৰায় 14 টাকৈ নাহৰফুটুকীক পিঞ্জৰাৱদ্ধ কৰা হৈছে ।

অঞ্চলটোত আৰু প্ৰায় 7 টা নাহৰফুটুকী থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোক আৰু বন বিভাগে । বনবিভাগৰ মতে জনবসতিপূৰ্ণ উক্ত অঞ্চলকেইটাৰ আশে-পাশে বৃহৎ হাবি-বনে আৱৰি থকাৰ বাবে নাহৰফুটুকীয়ে আশ্ৰয় লৈ পোহনীয়া পশু-পক্ষী ভক্ষণ কৰি থাকিবলৈ সুবিধা পাইছে । যিয়েই নহওক কিয়, অঞ্চলটোত এতিয়া গৰু-ছাগলীকে ধৰি পশু-পক্ষী ভক্ষণ কৰি উদং কৰিছে নাহৰফুটুকীয়ে ।

লগতে পঢ়ক : টিংখাঙত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.