ETV Bharat / state

ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ শেষকৃত্য সম্পন্ন - সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন

প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ শেষকৃত্য সম্পন্ন (Last rites of Former minister Binod Gowala) ৷ শেষকৃত্য় অনুষ্ঠানত উপস্থিত হৈ অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন (Binod Gowala death news) ৷

last-rites-of-former-minister-binod-gowala-at-sarupathar-in-golaghat
ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ শেষকৃত্য সম্পন্ন
author img

By

Published : Apr 14, 2022, 10:36 PM IST

গোলাঘাট, 14 এপ্ৰিল : এক শোকাকূল পৰিৱেশৰ মাজেৰে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় (Last rites of Former minister Binod Gowala)। প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিনোদ গোৱালা ৷ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ পৰা আনি তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (Binod Gowala admitted in GMCH) ৷ কিন্তু বুধবাৰে দুপৰীয়া ১২.৪০ বজাত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনৈতিক নেতাগৰাকীয়ে (Binod Gowala death news)৷

ইয়াৰ পিচতে সৰুপথাৰৰ গন্ধকৰৈৰ নিজা বাসভৱনত বৃহস্পতিবাৰে ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (Former minister Binod Gowala passed away)। প্ৰাক্তন মন্ত্ৰীগৰাকীক শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা লগতে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক সুনিত শৰ্মাই ।

ৰাজ্যিক মৰ্যাদাৰে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ শেষকৃত্য সম্পন্ন

উল্লেখ্য যে, চাৰিবাৰকৈ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিনোদ গোৱালা অগপ চৰকাৰৰ শেষৰটো কাৰ্যকালত সীমান্ত উন্নয়ন মন্ত্ৰীও আছিল (AGP government in Assam)।

সৰুপথাৰ সমষ্টিৰ পৰা 1985 চনত নিৰ্দলীয় হিচাপে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয় বিনোদ গোৱালা (Sarupathar MLA Binod Gowala)৷ 1991 চনত পুনৰ অগপৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে গোৱালাই ৷ তাৰ পাচত পুনৰ 1996 আৰু 2006 চনত বিনোদ গোৱালা বিধানসভালৈ নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত এটা নিৰ্বাচনত গোৱালা পৰাজয় হৈছিল যদিও পুনৰ ২০০৬ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত গোৱালা পুনৰ জয়ী হৈছিল । বিনোদ গোৱালা সৰুপথাৰ সমষ্টিৰ পৰা অগপ দলৰ হৈ চাৰিবাৰকৈ নিৰ্বাচিত হোৱাৰ উপৰিও সীমান্ত এলেকা উন্নয়ন দপ্তৰৰ কেবিনেট পর্যায়ৰ মন্ত্ৰীৰ পদ অলংকৃত কৰিছিল ।

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.