গোলাঘাট, 19 অক্টোবৰ: ব্যতিক্ৰমী ৰূপেৰে গোলাঘাটত উপস্থিত জনপ্ৰিয় কন্ঠশিল্পী কুসুম কৈলাশ ৷ সোমবাৰে এখন হাঁহ কুকুৰাৰ ফাৰ্ম উদ্বোধন কৰাৰ উদ্দেশ্যে গোলাঘাট মহুৰামুখত কন্ঠশিল্পী গৰাকী আহি উপস্থিত হয় ৷ ক'ৰণা মহামাৰীয়ে ভিন্ন স্তৰৰ লোকসকলক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলোৱাৰ কথা উনুকিয়াই অৰ্থব্যৱস্থাক টনকিয়াল কৰাৰ বাবে অসমৰ যুৱপ্ৰজন্মক আগভাগ লবলৈ কন্ঠশিল্পী গৰাকীয়ে আহ্বান জনায় ৷
তেওঁ কয় যে অসমত এতিয়া সকলোৱে মাথো পেটৰ ভাতমুঠিৰ বাবে চিন্তা কৰি দিন কটাইছে ৷ সেয়ে কৰ্ম সংস্কৃতিৰ জড়িয়তে কোঙা অৰ্থব্যৱস্থাক টনকিয়াল কৰিবৰ বাবে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনাই ৷ দুৰ্গা পূজাৰ কিছুদিন আগত বা পাছত অসমবাসীক গীত উপহাৰ দিয়াৰ কথাও কন্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে ৷