সৰুপথাৰ, 2 নৱেম্বৰ : সোমবাৰে উত্তপ্ত হৈ পৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয় ৷ অসম ৰাজ্যিক কৃষক সভাৰ লগতে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ধনশিৰি আৰু উৰিয়ামঘাট আঞ্চলিক কমিটিৰ উদ্যোগত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবীৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীৰ দাবী, ধনশিৰি মহকুমাৰ খৰাং পীড়িত কৃষকসকলক মাহে প্ৰদান কৰক ৮৫০০ টকা, খৰাং পীড়িত সকলো কৃষকক এম জি এনৰেগাৰ অধীনত আগন্তুক ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা সম্পূৰ্ণ কাম দিয়াৰ ব্যৱস্থা কৰক, ধনশিৰি মহকুমাৰ শ্ৰম কাৰ্যালয়ত নীতি বহিঃৰ্ভূতভাৱে চলা কামসমূহ বন্ধ কৰা, সকলো দখলীকৃত লোকক মাটিৰ পট্টা প্ৰদান বন্ধ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ কৰা ৷
আনকি প্ৰতিকাৰীসকলে এক চাৰি দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ অৰ্পণ কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ হাতত ৷
উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে শতাধিক লোক ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলক, আৱাজ দ', নিৰ্মাণ শ্ৰমিক ইউনিয়ন জিন্দাবাদ, অসম ৰাজ্যিক কৃষক সভা জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, জীয়াই থকাৰ সংগ্ৰামত শ্ৰমিকসকল এক হওঁক, মূল্যবৃদ্ধি ৰোধ কৰক ইত্যাদি শ্ল’গানেৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ ভাগ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ