ETV Bharat / state

অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা

author img

By

Published : Sep 2, 2021, 4:48 PM IST

গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷ বিধায়ক গৰাকীৰ পৰিকল্পনা খুমটাইৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন ঘটোৱাৰ উদ্দেশ্যে এখন অৰ্কিড উদ্যান গঢ়ি তোলা ৷

অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা
অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা

গোলাঘাট,2 ছেপ্তেম্বৰ : খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া এতিয়া ব্যস্ত এক ব্যতিক্ৰমী কৰ্মত ৷ শ্ৰমিকৰ সৈতে হাতে কামে লাগিছে বিধায়ক গৰাকী ৷ গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীৰ পৰিকল্পনা, খুমটাইৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন ঘটোৱাৰ উদ্দেশ্যে এখন অৰ্কিড উদ্যান গঢ়ি তোলা ৷ সেইবাবেই বিধায়ক গৰাকীয়ে নিজেই অৰ্কিড উদ্যানখন গঢ়ি তুলিবলৈ উঠিপৰি লাগিছে ৷

উল্লেখযোগ্য যে, যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ ঐতিহ্যমণ্ডিত বহু বছৰ পুৰণি এজোপা বৰগছক এখন অৰ্কিড উদ্যানলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷ সেয়ে বিধায়ক মৃণাল শইকীয়াই ঐতিহাসিক বৰগছজোপাত উঠি নিজে বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংস্থাপন কৰিছে গছৰ ডাল সমূহত ৷ জানিব পৰা মতে, প্ৰায় তিনিশজোপা বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংস্থাপন কৰিছে এই বিশেষ বৰগছ জোপাত ৷

লগতে পঢ়কঃ প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান

বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, খুমটাইক পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত অৰ্ন্তুভুক্ত কৰাৰ বাবে এই সমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিভিন্ন ঠাইৰ পৰা আপুৰুগীয়া অৰ্কিড সমূহ সংগ্ৰহ কৰি পৰিকল্পিত ভাৱে অৰ্কিড উদ্যান নিৰ্মাণেৰে পৰ্যটকক অধিক আৰ্কষিত কৰাৰ লক্ষ্য স্থীৰ কৰি লৈছে বিধায়ক গৰাকীয়ে ৷

সেয়ে প্ৰাকৃতিকভাৱে পৰ্যটন ক্ষেত্ৰসমূহ সজাই পৰাই অধিক প্ৰাণৱন্ত কৰি তোলাৰ প্ৰথম প্ৰেচষ্টা হিচাপে যোগীবাৰীৰ পৰ্যটন ক্ষেত্ৰৰ বৰগছ জোপাক নিৰ্বাচন কৰি লোৱা হৈছে ৷ পৰৱৰ্তী সময়ত খুমটাইৰ বিভিন্ন প্ৰান্তত এনেদৰে অৰ্কিড উদ্যান গঢ়িবলৈ পোষকতা প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷

বৰ্তমানে বহুল চৰ্চিত হৈ থকা পৰ্যটনৰ অন্যতম কেন্দ্ৰ বিন্দু খুমটাইৰ গ্ৰাম্য পৰ্যটনত নতুনকৈ সংযোজিত হোৱা‌ অৰ্কিড উদ্যানক লৈ যথেষ্ট আশাবাদী বিধায়ক মৃনাল শইকীয়াৰ লগতে খুমটাইবাসী ৷

লগতে পঢ়কঃ অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.