খুমটাই, 4 আগষ্টঃ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি নামঘৰ, এই নামঘৰৰ এক অপৰিহাৰ্য্য অংগ মণিকূট। খুমটাইৰ চিনাতলিৰ ৰাতুল বৰা নামৰ এজন খনিকৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে গুৰুজনাৰ বহু সৃষ্টিৰাজী৷ নামঘৰ সমূহৰ মণিকূটৰ ভিতৰত থকা মৌৰা আসন, গৰুন্দ্ৰ আসন, পদ্মা আসনকে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহত ব্যৱহৃত থগা, কাঠৰ শৰাই , চাকৰি গচা, ইত্যাদি বিভিন্ন সামগ্ৰী সাজি উলিয়াইছে খুমটাইৰ খনিকৰ ৰাতুল বৰাই।
ইতিমধ্যে বহু নামঘৰত জিলিকি উঠিছে খনিকৰ গৰাকীৰ হাতৰ পৰশত সৃষ্টি হোৱা সামগ্ৰী সমূহ । বৰ্তমানে তেওঁ ব্যস্ত হৈ আছে কেইবাভাগো আসন নিৰ্মাণৰ কামত । পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত শিল্পীজনৰ খনিকৰী বিদ্যাই হৈছে একমাত্ৰ উপাৰ্জনৰ পথ । সেয়ে আৰ্থিকভাৱে কিছু সমস্যাৰ সন্মুখীন হৈছে শিল্পী গৰাকী৷ নিজ কৰ্মৰাজিত ভালদৰে আত্মনিয়োগ কৰিবলৈ চৰকাৰখনৰ লগতে স্থানীয় বিধায়ক মৃনাল শইকীয়াক আৰ্থিকভাৱে কিছু সহায় কৰিবলৈ অনুৰোধ জনাইছে খনিকৰ ৰাতুল বৰাই ৷