ETV Bharat / state

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী? - ETV BHARAT

আলহীৰ পদধূলা নপৰা এখন গাঁও, দৰা-কইনা বাবেও অভিশপ্ত হৈ পৰিছে গাঁৱখন। কিন্তু কিয় আলহী নাহে এই গাঁৱখনলৈ?

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী গাঁৱখনলৈ ?
author img

By

Published : Mar 31, 2019, 4:28 AM IST

খুমটাই,31 মাৰ্চ: সততে আলহীয়ে ভৰি দিব নোখোজা এই গাঁওখন কলিয়াবৰ লোকসভা সমষ্টিআৰু খুমটাই বিধানসভা সমষ্টিৰ শেনছোৱা বৰুৱানীচুক। এতিয়া আপুনি হয়তো ভাবিছে কিয় গাঁওখনলৈ আলহী নাহে? এই সমস্যাৰ মূল কাৰণ হ'ল গাঁওখনৰ এই মূল পথছোৱা। দীৰ্ঘদিন ধৰি শিল এচপৰাও নপৰা এই পথছোৱাৰ বাবেদুৰ্ভোগ ভুগি আহিছে গাঁওবাসীয়ে। বাৰিষা আহিলেই একাঁঠু বোকা হয় পথছোৱাত।

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী গাঁৱখনলৈ ?
কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমানলৈ আগবাঢ়ি নাহিল কোনো এখন চৰকাৰ তথা জনপ্ৰতিনিধি। যাৰবাবে পথছোৱাৰ দুৰৱস্থাৰ বাবে গাঁওখনৰ ল'ৰালৈ ছোৱালী বিয়া নিদিয়ে আন গাঁৱৰ লোকে। আনকি বাৰিষাকালত পথৰ বোকাময় অৱস্থাৰ বাবেগাঁওখনলৈ আলহীৰো আগমন নহয় ৷এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৱে সংযোগ কৰিছে শেনছোৱা আলি আৰু তামুলীচুক। বছৰ বছৰ ধৰি জনপ্ৰতিনিধিৰ নিৰ্লিপ্ততাত ক্ষোভিত হৈ পৰা গাওঁবাসীয়ে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে লকসভা নিৰ্বাচনত বোট বৰ্জন কৰাৰ বাবে ৷

Intro:আলহীৰ পদধূলা নপৰা এখন গাঁও, দৰা-কইনা বাবেও অভিশপ্ত গাওঁখন। কিহৰ বাবে নো গাঁওখনলৈ আলহী নাহে আৰু দৰা কইনাৰ বাবে অভিশপ্ত চাওক আমাৰ এক বিশেষ প্ৰতিবেদনBody:হয়! আপুনি ঠিকেই শুনিছে, দৰা কইনাৰ বাবে অভিশপ্ত আৰু কেতিয়াও আলহীৰ পদধূলা নপৰা গাঁওখন কলিয়াবৰ লোকসভা সমষ্টিত আৰু খুমটাই বিধানসভা সমষ্টিৰ শেনছোৱা বৰুৱানীচুক। আপুনি ভাবিছে কিয় গাঁৱখন লৈ আলহী নাহে, নতুবা গাঁৱখন দৰা কইনাৰ বাবে অভিশপ্ত কিয়? তেনেহলে চাওক গাঁওখনৰ অভিশপ্ত সমস্যাৰ মূল কাৰণ হ'ল গাঁওখনৰ এই মূল পথছোৱা। যুগ যুগ ধৰি শিল এচপৰাও নপৰা এই পথছোৱাৰে দুৰ্ভোগ ভোগি আহিছে গাঁওবাসীয়ে। বাৰিষা আহিলেই একাঁঠু বোকা হয় পথছোৱাত। কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত কি বিজেপি,কি কংগ্ৰেছ অগপয়ে সদিচ্ছা প্ৰকাশ নকৰিলে। যাৰবাবে পথচোৱাৰ দুৰৱস্থাৰ বাবে গাঁওখনৰ ল'ৰালৈ ছোৱালী নিদিয়ে আন গাঁৱৰ লোকে। পথৰ বোকাময় ৰূপৰ বাবেও গাঁওখন লৈ আলহী খাবলৈ নাহে মানুহে। উল্লেখ্য যে পথছোৱা নিৰ্মাণ কৰিবলৈ পৰিবৰ্তনকামী চৰকাৰখনেও আগবাঢ়ি নাহিল। এককিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৱে সংযোগ কৰিছে শেনছোৱা আলি আৰু তামুলীচুক। এতিয়া গাঁও বাসীৰ সিদ্ধান্ত আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব। এতিয়া লক্ষণীয় বিষয়টো হৈছে Etv Bharat অসমত বাতৰিটো সম্প্ৰচাৰিত হোৱাৰ পিছত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগে।

Byte 1: স্থানীয় ব্যক্তি, তিনিগৰাকী
Conclusion:খুমটাইৰ পৰা দীপক হাজৰিকা, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.