কাজিৰঙা, 12 অক্টোবৰ: শনিবাৰে দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগৰি ৰেঞ্জ আৰু কঁহৰা ৰেঞ্জত উপস্থিত হৈ ফিটা কাটি বন্তি প্রজ্বলনৰে ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন ৷ পুৱা বাগৰি ৰেঞ্জত অনুষ্ঠানিক ভাৱে মুকলি কৰি লগত আন কেইবাগৰাকী মন্ত্ৰীৰ সৈতে কহঁৰাৰ মিহিমুখত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ কহঁৰাত নতুনকৈ পৰ্যটকৰ বাবে নিৰ্মান কৰা তথ্যকেন্দ্ৰও পৰিৰ্দশন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
অনুষ্ঠানত বনবিভাগৰ মুখ্য বনসংৰক্ষক এ এম সিং, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তাৰ লগতে উদ্যান সঞ্চালক পি শিৱকুমাৰো উপস্থিত থাকে ৷ এই উদ্যান মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বনমন্ত্ৰী পৰিমল শুক্ল বৈদৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বোকাখাটৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই ৷ উল্লেখযোগ্য যে, বৰ্তমান উদ্যানখন কেৱল জিপ চাফাৰিৰ বাবেহে মুকলি কৰা হৈছে, হাতী চাফাৰিৰ বাবে পৰ্যটকে এতিয়াও কিছুদিন অপেক্ষা কৰিব লাগিব ৷