কাজিৰঙা,২৪ নৱেম্বৰ : অসমত শেহতীয়াকৈ বেদখলকাৰীৰ বিৰুদ্ধে সষ্টম হৈছে চৰকাৰ তথা প্ৰশাসন । সত্ৰৰ ভূমি, বনাঞ্চল, চৰকাৰী ভূমি আদিত বেদখল কৰা লোকৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাইছে (Eviction in Assam)। অসমৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে উচ্ছেদ চলাইছে ।
কিন্তু তাৰ মাজতে একাংশ ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকক উচ্ছেদ কৰাক লৈ বিভিন্ন স্থানত প্ৰতিবাদ হোৱাও দেখা গৈছে । ইফালে উচ্ছেদিত পৰিয়ালবোৰক চৰকাৰে পুনৰ সংস্থাপন নকৰাত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে । এইবাৰ কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষতিপূৰণ প্ৰদানৰ আহ্বান জনালে কাজিৰঙাৰ কেইবাটাও উচ্ছেদিত পৰিয়ালে (Kaziranga evicted family appeal to government)।পৰিয়ালকেইটাৰ কাতৰ অনুৰোধ "ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক" ।
উল্লেখ্য যে কাজিৰঙাৰ হালধিবাৰীত ২০১৯ চনতে ৪ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । কিন্তু উচ্ছেদৰ ৩ বছৰৰ পাছতো পৰিয়ালকেইটাই আজিলৈ ক্ষতিপূৰণ নাপালে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম সংযোজনত তেওঁলোকৰ ভূমি সন্নিবিষ্ট হ'ল ঠিকেই কিন্তু তাৰ বাবদ তেওঁলোকে লাভ কৰা নাই কোনো ক্ষতিপূৰণ (Evicted families in Kaziranga not getting compensation)।
আনহাতে সাঁচতীয়া ধনেৰে তেওঁলোকে সজা ঘৰখনো উচ্ছেদৰ নামত ধ্বংস হ'ল যদিও প্ৰতিশ্ৰুতি দিও আজিলৈ তাৰ বাবদ বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । একপ্ৰকাৰ নিৰুপায় হৈ পৰিছে উচ্ছেদিত পৰিয়ালকেইটা । তেওঁলোকৰ অভিযোগ প্ৰশাসনৰ নিৰ্দেশ মৰ্মেই তেওঁলোকে ঘৰ, মাটি এৰিছিল যদিও এতিয়া তেওঁলোকক প্ৰতাৰণাহে কৰিছে চৰকাৰ তথা প্ৰশাসনে ।
বন বিভাগৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে পৰিয়ালকেইটাই । বন বিভাগে পৰিয়ালকেইটাক বিভিন্ন ধৰণে ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰিছে পৰিয়ালকেইটাই । পৰিয়ালকেইটাই অতি শীঘ্ৰে চৰকাৰক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক :Assam border violence: অসমৰ মুখ্যমন্ত্ৰীক বনদস্যুৰ পক্ষ লোৱা বুলি সমালোচনা লুৰিণজ্যোতিৰ