গোলাঘাট,29 জুলাইঃ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰকৃততে কিমানদূৰ সফল হৈছে ৰাজ্যৰ উন্নয়নত? নে কেৱল শ্ল'গান আৰু হ'ৰ্ডিঙতে আবদ্ধ উন্নয়ন ? পোহৰলৈ আহিছে উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷
জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ ৰাইজক ৷ দীৰ্ঘদিন ধৰি পঞ্চায়তৰ 6নং ৱাৰ্ডৰ মেধি চুবুৰী পথটো হৈ পৰিছে বোকাময় আৰু পুখুৰী সদৃশ ৷ গাড়ী-মটৰ দূৰৰ কথা খোজকাঢ়ি যাবলৈও অসুবিধাৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজ ৷ এই সন্দৰ্ভত পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্থানীয় বিধায়ককো বাৰম্বাৰ অৱগত কৰিছিল ৰাইজে ৷ কিন্তু ৰাইজৰ কথাৰ প্ৰতি কোনোধৰণৰ কাণসাৰ নাই পঞ্চায়ত প্ৰতিনিধিৰ কিম্বা বিধায়ক গৰাকীৰ ৷
যাৰ পৰিপ্ৰেক্ষিতত জ্বলা-কলা খুৱাই থকা পথৰ বাবে অতিষ্ঠ হৈ আজি অঞ্চলটোৰ ক্ষোভিত ৰাইজে ঘেৰাও কৰে উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়ত৷পঞ্চায়ত সচিব গ' বেক,পঞ্চায়ত সচিব বদলি কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পঞ্চায়তৰ কাৰ্যালয় ৷ অতি শীঘ্ৰে মেধি চুবুৰী পথছোৱা নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী ৰাইজে ৷
উল্লেখ্য যে,মেধি চুবুৰী পথছোৱা নিৰ্মাণ কৰি নিদিলে ২০১৮-১৯ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত আৱণ্টিত হোৱা ডুবিয়াল পাৰলিগুৰি সংযোগী পথছোৱা নিৰ্মাণ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিয়ে উত্তেজিত ৰাইজে।